নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটি নামজাৰিৰ ভেঁটী লৈ হাত দাঙিলে লখিমপুৰৰ মণ্ডলে

বিশেষ বার্তা, ৪ নৱেম্বৰঃ আজি বিয়লি এজন মণ্ডল তদাৰক দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ জালত পৰে৷ বিশ হেজাৰ টকা ঘোচ লৈ হাতে লোটে ধৰা পৰা এই মণ্ডলজন হৈছে মোজামিল হক৷ লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত নিযুক্ত তথা বগলীজান লাটৰ মণ্ডল মোজামিল হকে উত্তৰাধিকাৰী সূত্রে মাটি নামজাৰি কৰাৰ নামত আজি বিশ হেজাৰ টকা ঘোচ লোৱাৰ সময়ত বিয়লি দুর্নীতি নিবাৰকৰ দলে তেওঁক কৰায়ত্ত কৰে৷ বগলীজান নিবাসী ৰূপম কুমাৰ চেতিয়া নামৰ লোক এজনৰ পৰা মাটি নামজাৰিৰ নামত মোজামিল হকে বিশ হেজাৰ টকা লৈছিল৷ এই সন্দর্ভত ৰূপম কুমাৰ চেতিয়াই সংবাদ মাধ্যমৰ আগত কয়– ‘তেওঁৰ পিতৃ লক্ষীকান্ত চেতিয়াৰ পৰা উত্তৰাধিকাৰী সূত্রে তেওৰ নামত মাটি নামজাৰি কৰাৰ বাবদ মণ্ডল মোজামিল হকে এক লাখ টকা দাবী কৰিছিল৷ পৰৱর্তী সময়ত ৫০ হেজাৰ টকা আগধন বিচাৰে৷ আজি ইয়াৰে ২০ হেজাৰ টকা লওঁতেই মণ্ডল মোজামিল হকক হাতে লোটে কৰায়ত্ত কৰে দুর্নীতি নিবাৰকৰ দলে৷’ উল্লেখ্য মোজামিল হকৰ ঘৰ বিশ্বনাথ চাৰিআলিত৷ কিছু দিনৰ পুর্বেহে তেওঁ লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয় যোগদান কৰিছিল৷

#বাৰ্তা ডেস্ক

You might also like