নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বাদে ৰাজ্যৰ আন কোনো চৰ–চাপৰিত নাপাব ভূমি পট্টা

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ পাৰিপার্শ্বিগত ভাৰসাম্য ৰক্ষাৰ স্বার্থতেই সদ্যহতে মাজুলীত বাদে ৰাজ্যৰ আন কোনো চৰ–চাপৰিত ভূমি পট্টা দিয়া নহয়৷ অসমত দুই শ্রেণীৰ চৰ–চাপৰি আছে৷ এটা স্থায়ী আৰু আনটো অস্থায়ী শ্রেণীৰ৷ স্থায়ী চৰ–চাপৰিসমূহক কেডেষ্ট্রেললৈ পৰিৱর্তন কৰাৰ ব্যৱস্থা লোৱা হৈছে৷– এই ঘোষণা ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনৰ৷  বিধানসভাত বেচৰকাৰী সদস্যৰ কার্যসূচীত এআইইউডিএফৰ বিধায়ক আমিনুল হুছেইন (জ্যেষ্ঠ)–এ উত্থাপন কৰা দ্য আছাম চৰ–চাপৰি লেণ্ড ৰেগুলেচন বিল–২০২৩খন সন্দর্ভত উত্তৰ দি মন্ত্রী মহনে কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয়– আমাৰ চৰকাৰে ভূমি পট্টা দিয়াৰ বিষয়টোত গুৰুত্ব প্রদান কৰি আহিছে৷ ইয়াৰ বাবে অনা হৈছে ভূমি নীতি–২০১৯৷ তদুপৰি মিছন বসুন্ধৰা–১ৰ অধীনত ইতিমধ্যে তিনি লাখ পট্টা দিয়া হৈছে৷ মিছন বসুন্ধৰা–২ৰ অধীনতো আবেদন আহিছে ১২ লাখ৷ আমাৰ চৰকাৰ উন্নয়নৰ কামত প্রতিশ্রুতিবদ্ধ৷ ভূমি নীতিৰ উপৰি লেণ্ড গ্রেবিং এক্ট–২০১০ আৰু পুনৰ সংস্থাপন নীতিতো বিভিন্ন ব্যৱস্থা আছে৷ এনে অৱস্থাত নতুন এখন আইনৰ প্রয়োজন নাই৷ পূর্বৰে পৰা থকা আইন আৰু নীতিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিলেই হ’ল৷ এই কথা উল্লেখ কৰি তেওঁ বিধায়ক ইছলামক বিলখন প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়৷ লগতে মন্ত্রী মহনে দুর্নীতিৰ বিৰুদ্ধে চৰকাৰে লোৱা কঠোৰ ব্যৱস্থাৰ কথা দোহাৰি কয়– আমাৰ চৰকাৰৰ দিনত দালাল উচ্ছেদ হ’বই লাগিব৷ কোনো কাৰণতে দালালক প্রশ্রয় দিয়া নহ’ব৷ দুখীয়া–দৰিদ্রৰ মাটি কাঢ়ি খোৱাসকলক চৰকাৰে সহ্য নকৰে৷ এইক্ষেত্রত চৰকাৰ কঠোৰ৷ ইয়াৰ পূর্বে বিলখন উত্থাপন কৰি বিধায়ক ইছলামে কয় যে অসমত থকা ভূমিহীন লোকসকলক সংস্থাপন দিবলৈ চৰকাৰী মাটিৰ অভাৱ৷ এনে লোকসকলে মথাউৰি বা বনভূমিত আশ্রয় ল’লে তেওঁলোকক কিছুদিন পাছতে উচ্ছেদ কৰা হয়৷ ৰাজ্যত ইতিমধ্যে ৩,২০০খন গাঁও খহনীয়াত সম্পূর্ণৰূপে আৰু প্রায় ৯০০খন গাঁও আংশিকভাৱে বিলীন হৈছে৷ সেয়েহে এই ভূমিহীন লোকসকলক চৰ–চাপৰিত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ তেতিয়া ভূমিহীনক সংস্থাপন দিয়াৰ বৃহৎ সমস্যাটো সমাধান হোৱাৰ সমান্তৰালভাৱে তেওঁলোকে কৰা কৃষিকর্মৰ জৰিয়তে অসমৰ কৃষি অর্থনীতি সুদৃঢ় হ’ব৷ বিলখন সম্পর্কীয় আলোচনাত কেইবাজনো বিধায়কে অংশ লয়৷ তেওঁলোক আছিল– আব্দুল বাতিন খণ্ডকাৰ, গণেশ কুমাৰ লিম্বু, মজিবুৰ ৰহমান আৰু দ্বীপায়ন চক্রৱর্তী৷ অৱশ্যে মন্ত্রী মহনৰ আশ্বাসত বিধায়ক ইছলামে প্রত্যাহাৰ কৰে বিলখন৷ ইফালে, বেচৰকাৰী সদস্যৰ কার্যসূচীত বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো আজি দ্য আছাম ড’মেষ্টিক ৱর্কাছ (ৰেগুলেচন অৱ ৱর্ক এণ্ড ছ’চিয়েল ছিকিউৰিটী) বিল–২০২৩ উত্থাপন কৰে৷ শ্রমমন্ত্রী সঞ্জয় কিষাণৰ আশ্বাসত আশ্বস্ত হৈ পৰৱর্তী সময়ত এই বিলখনো প্রত্যাহাৰ কৰে বিৰোধী দলপতি শইকীয়াই৷

You might also like