ভূমি কেলেংকাৰি : বাঘবৰৰ চক্ৰ বিষয়াক নিলম্বন ৰাজ্য চৰকাৰৰ
বাৰ্তা ব্যুৰো, বৰপেটা ১৮ নৱেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোণবৰ চুতীয়াক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছে। বাঘবৰ ৰাজহ চক্ৰত সংঘটিত বৃহৎ ভূমি কেলেংকাৰী সন্দৰ্ভত চক্ৰ বিষয়া সোণবৰ চুতীয়াক নিলম্বন কৰা হৈছে। ৰাজ্য চৰকাৰে ১৬ নৱেম্বৰত এক নিৰ্দেশনাযোগে চক্ৰ বিষয়াগৰাকীক নিলম্বন কৰে। ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ভূমিৰ নামজাৰীৰ ক্ষেত্ৰত সংঘটিত কৰিছিল বৃহৎ কেলেংকাৰী। চক্ৰ বিষয়াগৰাকীয়ে ভূমিৰ প্ৰকৃতগৰাকীৰ অজ্ঞাতে অইন লোকৰ নামত ভূমি নামজাৰীৰ কেবাটাও অভিযোগ উত্থাপিত হৈছিল। আনকি চক্ৰ বিষয়াগৰাকীয়ে পৰিয়ালৰ লগতে আত্মীয়স্বজনৰ নামত বাঘবৰ ৰাজহ চক্ৰৰ বিভিন্ন প্ৰান্তত মাটি ক্ৰয় কৰাৰো অভিযোগ উঠিছিল। এই সমস্ত অভিযোগ সন্দৰ্ভত আমাৰ কাকতত বিস্তৃত বাতৰি প্ৰকাশৰ পিচতে ৰাজ্য চৰকাৰে অবশেষত চক্ৰ বিষয়া গৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে। চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে চক্ৰ বিষয়াগৰাকীয়ে নীতিবহিৰ্ভূতভাবে বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহু খিলঞ্জীয়া লোকৰ ভূমি আন সম্প্ৰদায়ৰ লোকৰ নামত নামজাৰী কৰিছিল । ৰাজহ চক্ৰ বিষয়াগৰাকীৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা একাংশ দালালে নিজ মৰ্জি অনুসৰি কাম কাজ চলাই থকাৰ লগতে ভূমি নামজাৰীৰ নামত বৃহৎ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছিল। এই অভিযোগৰ ভিত্তিতে অবশেষত চক্ৰ বিষয়া সোণবৰ চুতীয়াক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে ৰাজ্য চৰকাৰে।
প্ৰেৰক নৱজিত বায়ন