নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিস্খলন : ৯ বছৰত গুৱাহাটীত ৩৯জন লোকৰ মৃত্যু

বিশেষ বার্তা, ১৮ জুনঃ গুৱাহাটী মহানগৰীত কৃত্রিম বান বিভীষিকাৰ সমান্তৰালকৈ ভূমিস্খলনৰ আতংকই পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলক শংকিত কৰি তুলিছে৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, বৰাগাঁও, চানমাৰিকে ধৰি বিভিন্ন স্থানত কৃত্রিম বানে ভয়াৱহ ৰূপ লৈছে৷ ধাৰাষাৰ বৰষুণৰ ফলত বোন্দা, পাথৰকোৱেৰী, ফটাশিল আমবাৰী অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ আজি পুৱা ফটাশিল আমবাৰীৰ ধীৰেনপাৰাত ভূমিস্খলনত গার্ডৱাল খহি মুক্তাৰ আলী নামৰ এজন লোকৰ মৃত্যু হয়৷ ভূমিস্খলনত এজন লোকৰ মৃত্যু হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছতে মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত আতংকই বিৰাজ কৰিছে৷ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা ১৭খন পাহাৰত বাৰিষাৰ সময়ছোৱাত প্রতিবছৰে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে৷ বিগত বর্ষৰ ১৪ জুনৰ মাজনিশা বৰাগাঁৱত পাহাৰ খহি চাৰিজনকৈ শ্রমিকৰ শোৱাপাটীতে মৃত্যু হৈছিল৷ উক্তবর্ষতে ২৯ জুনত নুনমাটিৰ ভৱানীপুৰত সংঘটিত ভূমিস্খলনত প্রকাশ ডেকা নামৰ এজন লোকৰ মৃত্যু হৈছিল৷ লক্ষণীয় যে ২০১৫ চনত অসম ইঞ্জিনীয়াৰিং কলেজ আৰু দুর্যোগ প্রশমন প্রাধিকাৰীয়ে মহানগৰীৰ ১৭খন পাহাৰত ভূমিস্খলনপ্রৱণ অঞ্চলসমূহত জৰীপ চলাইছিল৷ এই জৰীপত গুৱাহাটীৰ ১৭খন পাহাৰত সর্বমুঠ ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত কৰিছিল৷ ইয়াৰ ভিতৰত চূণচালিত ৭৭টা অঞ্চল, নুনমাটিত ৪০টা, খাৰঘুলিত ৩৭টা, খানাপাৰাত ৩৩টা, নাৰেংগীত ৩১, হেঙেৰাবাৰীত ৩০, কাহিলিপাৰাত ২৫টা, শান্তিপুৰত ২০টা, নৰকাসুৰত ১৪টা, গড়ভঙাত ৯টা, মালিগাঁৱত ৮টা, গোটানগৰত ৬টা, কালাপাহাৰত ৭টা, নৱগ্রহত ৬টা, ফটাশিল আমবাৰীত ৫টা, জালুকবাৰী লংকেশ্বৰত ২টা, নীলাচল, কামাখ্যা, শৰণীয়া, কইনাধৰাত ৫টা, শুক্রেশ্বৰত এটা অঞ্চল ভূমিস্খলনপ্রৱণ অঞ্চল হিচাপে চিনাক্ত কৰিছিল৷ এই জৰীপৰ ওপৰত ভিত্তি কৰিয়েই মহানগৰ জিলা প্রশাসনে বাৰিষাৰ পূর্বে ভূমিস্খলনপ্রৱণ অঞ্চলসমূহত বসবাস কৰা লোকসকললৈ জাননী জাৰি কৰি আহিছে৷ ২০১৫ চনৰ পাছত এতিয়ালৈকে পুনৰ ভূমিস্খলনপ্রৱণ অঞ্চলত চৰকাৰে জৰীপ চলোৱাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিগত ৮টা বছৰত মহানগৰীৰ পাহাৰ অঞ্চলত চলা অবাধ বেদখল, খননৰ পাছতো ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত কৰাৰ বাবে চৰকাৰে জৰীপ নচলোৱাটো উদ্বেগজনক বিষয় হিচাপে বিবেচিত হৈছে৷ লক্ষণীয় যে ২০১৪ চনৰ পৰা ২০২৩ চনলৈ গুৱাহাটী মহানগৰীত ভূমিস্খলনত ৩৯জন লোকৰ মৃত্যু হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, ২০১৪ চনত গুৱাহাটী মহানগৰীত ভূমিস্খলনত ১৬জন লোকৰ মৃত্যু হৈছিল৷ একেদৰে ২০১৬ চনত ৬জন, ২০১৭ত এজন, ২০১৮ত তিনিজন, ২০১৯ত এজন, ২০২০ত চাৰিজন, ২০২১ত দুজন, ২০২২ চনত ৫জন আৰু ২০২৩ চনৰ আজিৰ দিনটোলৈকে এজন লোকৰ ভূমিস্খলনত মৃত্যু হৈছে৷

You might also like