জয়ছালমেৰত ৭০% পঞ্চায়ত সামৰি লৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাইঃ প্ৰতাপ সিং
জয়ছালমেৰৰ ভাৰত-পাক সীমান্তৰ পৰা দিগন্ত বৈৰাগী, ৬ জানুৱাৰীঃ জয়ছালমেৰৰ চাম পঞ্চায়ত সমিতিৰ অন্তৰ্গত চনু গাওঁ পঞ্চায়তত কালি আয়োজিত এক বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত আয়োজিত শিবিৰত অসমৰ ১২জনীয়া সংবাদ মাধ্যমৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰি হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। শিবিৰত জিলা পৰিষদৰ মুৰব্বী প্ৰতাপ সিঙে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু ইয়াৰ পৰা লাভ কৰা সুবিধা সম্পৰ্কে সাংবাদিকৰ দলটোক অৱগত কৰে৷ তেওঁ জনায় যে ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ২৬ জানুৱাৰীলৈকে চলিব৷ ইতিমধ্যে জয়ছালমেৰ জিলাৰ ৭খন পঞ্চায়ত সমিতিৰ অধীনত দুই শতাধিক গাঁও পঞ্চায়তৰ ৭০শতাংশ পঞ্চায়ত সামৰি লৈছে৷ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলটোক সম্বোধন কৰি জয়ছালমেৰৰ জিলা পৰিষদৰ মুৰব্বীগৰাধীয়ে লগতে কয় যে ভাৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত আয়োজন কৰা শিবিৰসমূহৰ সম্পূৰ্ণ সুবিধা ৰাইজে গ্ৰহণ কৰি আছে। এই শিবিৰসমূহত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত জনসাধাৰণে জীৱন জ্যোতি বীমা, কিষাণ ক্ৰেডিট কাৰ্ড, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস, পিএম স্বনিধিকে ধৰি ১৭খন আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰিছে৷ ১২টা চৰকাৰী বিভাগে এই আঁচনিৰ সমূহৰ সম্পৰ্কে উপস্থিত জনতাক সজাগ কৰাৰ প্ৰয়াস কৰে৷ প্ৰতিখন পঞ্চায়তত দৈনিক দুটাকৈ বিকশিত ভাৰত সংকল্প যাত্ৰা শিৱিৰ অনুষ্ঠিত হয়৷ উল্লেখ্য যে শিৱিৰত ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হয়৷ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলটোৱে লংগেৱালা যুদ্ধ স্মাৰক পৰিদৰ্শন কৰাৰ পিছত বাবলিয়ান সীমান্ত অঞ্চলো পৰিদৰ্শন কৰে। উল্লেখ্য যে সীমান্ত সুৰক্ষা বাহিনীৰ তত্বাৱধানত সীমা পৰিদৰ্শনৰ কৰা সাংবাদিকসকলে বিখ্যাত তনোট মাতা মন্দিৰত সেৱা আগবঢ়ায়৷