নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ : অসম চৰকাৰৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ দৰেই ঢকুৱাখনাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সৌজন্যত ভাষা গৌৰৱ সপ্তাহৰ শুকুৰবাৰে আনুষ্ঠানিক কাৰ্যসূচী সম্পন্ন হয়। তিনিদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানসজ্যোতি নেওগে। ৬ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি, পঠন প্ৰতিযোগিতা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা অসমীয়া বিভাগৰ অধ্যাপক শৰৎ কুমাৰ চুতীয়াই সঞ্চালনা কৰা সভাখনত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰে। অনুষ্ঠানত অসমীয়া বিভাগৰ অধ্যাপক স্বপ্না গগৈয়ে ধ্ৰুপদী ভাষাৰ বিষয়ে বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা পঠন প্ৰতিযোগিতাখন সঞ্চালনা কৰে অধ্যপিকা কৰবী গগৈয়ে। মহাবিদ্যালয়খনৰ দুকুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পঠন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ভাষা গৌৰৱ সপ্তাহৰ এই কাৰ্যসূচীৰ মাজতেই অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানত সমল বক্তা হিচাপে অংশগ্ৰহণ কৰে ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক থানেশ্বৰ বৰাই। অধ্যাপক বৰাই “অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ সমস্যা আৰু সমাধান’ শীৰ্ষক বিষয়ত সুন্দৰ বিশ্লেষণ আগবঢ়াই সততে ভুল কৰি থকা শব্দবোৰ, যুক্তাক্ষৰ আৰু বানানৰ শুদ্ধাশুদ্ধিৰ বিষয়ে ব্যাখ্যা কৰে । অসমীয়া ভাষাটো শুদ্ধকৈ লিখিব, পঢ়িব আৰু ক’ব পাৰিলেহে অসমীয়া ভাষাৰ উত্তৰণৰ পথ প্ৰশস্ত হ’ব বুলি অৱগত কৰি বৰাই ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ অসমীয়া ভাষাৰ ব্যাকৰণ ল’বৰ বাবেও আহ্বান জনায়। অনুষ্ঠানৰ শেষত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ীসকলক সম্বৰ্ধনাও জনোৱা হয়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like