নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুণ্ঠনৰ থলীত পৰিণত লাওখোৱা উন্নয়ন খণ্ডৰ ভাটিয়াখালি পঞ্চায়ত

🔹 জিলা উপায়ুক্তক অভিযোগ ৰাইজৰ 

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : দুৰ্নীতিয়েই এতিয়া নীতি হৈছে নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহত ৷ উন্নয়ন খণ্ডটোত নিয়োজিত একাংশ কনিষ্ঠ অভিয়ন্তা, পঞ্চায়ত সচিব আৰু পঞ্চায়ত প্ৰতিনিধিয়ে মিলি লুণ্ঠনৰ মুকলি বজাৰ পতাৰ অভিযোগ উঠিছে ৷ উন্নয়ন খণ্ডটোৰ অন্তৰ্গত ভাটিয়াখালি পঞ্চায়তত চৰকাৰী আঁচনিসমূহ লুণ্ঠনৰ হাতিয়াৰত পৰিণত হোৱাৰ অভিযোগ উঠিছে ৷ পঞ্চায়তখনত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি স্থানীয় ৰাইজে নগাঁও জিলা উপায়ুক্তক এক লিখিত অভিযোগ দাখিল কৰিছে৷ ভাটিয়াখালি পঞ্চায়তত কনিষ্ঠ অভিয়ন্তা, পঞ্চায়ত সচিব আৰু পঞ্চায়ত জনপ্ৰতিনিধিয়ে মিলি মুকলিকৈ লুণ্ঠনত নামি পৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ পঞ্চায়তখনত একাংশ দালাল প্ৰকৃতিৰ মানুহে আঁচনিসমূহ নিজৰ পৈতৃক সম্পদৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷ কোনো নামফলক ব্যৱহাৰ নকৰাকৈ জধে-মধে নামমাত্ৰ কাম কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷ এটা কাম বাৰে বাৰে দেখুৱাই আঁচনি ৰূপায়ণ কৰি সেই টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷ পঞ্চায়তখনত বিশেষকৈ বিধায়ক পুঁজিৰ ধনত ব্যাপক লুণ্ঠৰ অভিযোগ ৰাইজৰ ৷ পঞ্চায়তখনত হোৱা দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like