নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাসৰৰ বানত বুৰিল বালিপৰা-চাৰিদুৱাৰৰ বিস্তীৰ্ণ অঞ্চল

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : ভদীয়া বানত পুনৰ বুৰিল শোণিতপুৰৰ বালিপৰা-চাৰিদুৱাৰৰ বিস্তীৰ্ণ অঞ্চল । বিগত দুদিন ধৰি চুুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু বালিপৰা অঞ্চলত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত হঠাতে ফেনে-ফোটোকাৰে ওফন্দি অহা জৰাসৰ নৈৰ বাঢ়নী পানীয়ে পুৱা ৫ বজাৰ পৰা বুৰাই পেলায় বালিপৰা, চাৰিদুৱাৰৰ কেইবাখনো গাঁও, বিদ্যালয়, চৰকাৰী কাৰ্যালয় । জৰাসৰ নৈৰ বাঢ়নী পানীয়ে বালিপৰাৰ বামগাঁও, দীঘলী বালিজান, দীঘলী গাঁও, উদমাৰী গাঁও, কমাৰীগাঁও, ঢেকেৰীগাঁও, ঔহলা গাঁও, বামগাঁও চাহ বাগিচা আদি কেইবাখনো গাঁও বুৰাই পেলোৱাৰ ফলত ৰাইজ, পশুধনৰ মাজত আশ্ৰয়স্থল-খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বালিপৰাৰ দীঘলী বালিজানত জৰাসৰ নৈয়ে কেইবাঠাইতো মথাউৰি ভঙাৰ ফলতেই বালিপৰা অঞ্চল ডুব যোৱা বুলি ৰাইজে মত পোষণ কৰিছে । একেদৰে জৰাসৰৰ বান বালিপৰা-লখিমপুৰ সংযোগী সদাব্যস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰবল সোঁতত বাগৰাৰ ফলত পথটোৰে যাতায়াত-যোগাযোগ বন্ধ কৰি দিয়া হয় । ফলত পথটোত সৃষ্টি হয় ব্যাপক যান-জঁট । পিছত আবদ্ধ গাড়ীসমূহ মানশিৰি লোক্ৰা, চাৰিদুৱাৰ চেন্টাৰ হৈ অহা-যোৱাৰ ব্যৱস্থা কৰে আৰক্ষী- প্ৰশাসনে । কিন্তু লোক্ৰাত আজি শনিবৰীয়া সাপ্তাহিক বজাৰ থকাৰ পৰিপ্ৰেক্ষিতত লোক্ৰা চেন্টাৰতো যান-জঁট সমস্যা পৰিলক্ষিত হয় । আনহাতে, জৰাসৰৰ বানে বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী ঘাইপথটোত ঢেকেৰীগাঁও অংশত এটা কালভাৰ্টৰ অংশৰ মাটি খহাই নিয়াত মৰণত শৰণ দি গাড়ীসমূহ পথটোৰে অহা-যোৱা কৰিবলগীয়া হৈছে। সমান্তৰালভাৱে জৰাসৰৰ বানে কমাৰীগাঁও প্ৰাথমিক বিদ্যালয়, দীঘলী বালিজান প্ৰাথমিক বিদ্যালয়, বালিপৰা বিদ্যুৎ বিভাগৰ কাৰ্যালয়, বালিপৰা পঞ্জাব নেচনেল বেংক, বালিপৰা সমবায় সমিতিৰ কাৰ্যালয়, বালিপৰা মহকুমা প্ৰাথমিক চৰকাৰী চিকিৎসালয় ইত্যাদি বুৰাই পেলোৱাত কাম-কাজ ব্যাহত হয় । বাতৰি লিখাৰ সময়ত বালিপৰা চেণ্টাৰতো ঠায়ে ঠায়ে বানৰ প্ৰৱেশ ঘটিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like