নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহু-বুঢ়াদিয়াৰ বাঢ়নী পানীত জলমগ্ন সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল

নিয়মীয়া বাৰ্তা, ১৬ জুন : বিগত প্ৰায় এসপ্তাহে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এইবাৰ প্ৰথমটো বানত বুৰিল সৰ্থেবাৰী। বিগত তিনি দিন ধৰি দ্ৰুত গতিত বৃদ্ধি হৈছে টিহু-বুঢ়াদিয়াৰ জলস্তৰ। টিহু আৰু বুঢ়াদিয়া নদীৰ দক্ষিণপাৰৰ ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী।সৰ্থেবাৰীৰ বতিয়া কালাতলি খৰীয়া, সত্ৰপাকা, শান্তিপুৰ, গোমুৰা, জাব্ৰিকুছি, নটপাৰা, কুৰিহা, নসত্ৰ আদি অঞ্চল প্লাৱীত হৈ পৰিছে। বাঢ়নী পানীৰ তলত বুৰ গৈছে কৃষকৰ কঠীয়া। পুৰ্বৰ ভগ্ন মথাউৰিৰে সৰ্থেবাৰীৰ দিশে হোৰাহোৰে সোমাইছে পানী। বতিয়া আৰু খৰিয়াৰ মাজত নদীৰ কেকুৰিত পুৰ্বৰ ভগ্ন মথাউৰিৰে টিহু নদীৰ তীব্ৰ সোঁত বৈছে। টিহু নদীৰ গতিপথ সলনি হোৱাৰ আশঙ্কাত ভূগিছে নৈ পৰীয়া লোকসকল। ভগ্ন মথাউৰিৰে বোৱা সোঁতে টিহু নদীৰ উপনদী সদৃশ হৈ পৰিছে। টিহু নদীৰ এনে গতিয়ে সমগ্ৰ অঞ্চলটোৰ বাবে সংকট নামি আহিছে। বিগত বানে বিধ্বস্ত কৰা মথাউৰিৰ মেৰামতি নোহোৱাৰ বাবেই এতিয়া বানে প্লাৱীত কৰিছে বিস্তীৰ্ণ অঞ্চল। এইবাৰো বানপানীৰ কবলত পৰি অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভূঞ্জিব লাগিব। ইপিনি বুঢ়াদিয়াৰ বাঢ়নী পানী কলাতলিৰে সোমাই সৃষ্টি কৰিছে আহুকালৰ।প্লাৱিত হৈছে পাৰাহঁকুছি, কালাতলি, মৰাবাৰী, হাৰিয়াদি অঞ্চল। বানত বাথানৰট্টাৰী কাছকুৰিপথাৰ আদি গাঁৱৰ বাট পথ বুৰ গৈছে। অঞ্চলটোৰ খেতিয়কৰ খেতিপথাৰ পানীৰ তলত বুৰ যোৱাৰ লগতে কঠিয়া পানীৰ তলত বুৰ যোৱাত চিন্তিত হৈ পৰিছে কৃষক সকল। টিহু-বুঢ়াদিয়া নদীৰ বাঢ়নী পানীৰ ফলত নিশালৈ সমগ্ৰ সৰ্থেবাৰী অঞ্চল পানীৰ তলত বুৰ যোৱাৰ আশংকাই দেখা দিছে।

প্ৰেৰক নকুল তালুকদাৰ

You might also like