নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়াদিয়াৰ বানত বুৰিল পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল

নিয়মীয়া বার্তা, ১৮ জুন : বিগত আঠ দিন ধৰি চলি থকা মুষলধাৰ বৰষুনৰ ফলত ওফন্দি উঠিছে বুঢ়াদিয়া আৰু কানাইখুণ্ডাৰ পানী৷ কালি নিশাৰ পৰা তীব্ৰ গতিত বাঢ়ি থকা বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে ঠায়ে ঠায়ে বান পানীৰ সৃষ্টি কৰিছে৷ বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে নৈ খনৰ দুই পাৰৰ দুৰ্বল অংশলৈ তীব্ৰ ভাবুকি আনিছে৷ বুঢ়াদিয়াৰ পানীয়ে কেইবাঠাইতো মথাউৰি ভঙাত চৰম ভাবুকি আনিছে। পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্নি, নপাৰা, খটনিয়াপাৰা, সাহপুৰ, নদলা, গামাৰিমুৰি, বৰবৰাকে ধৰি কেবাটাও অঞ্চল জলমগ্ন হৈ পৰাৰ পিছত কালি নিশা আকৌ নৈখনৰ লখোপুৰ কেন্দুবাৰীত মথাউৰি ৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত পাৰাহঁকুছি, কালাতলী, ভোজকুছি, কেন্দুবাৰীকে ধৰি কেবাখনো গাওঁ প্লাবিত হৈ পৰিছে। আনহাতে, বুঢ়াদিয়া নৈৰ কালাতলীয়েদি সোমোৱা পানীয়ে বৰবিলা গাওঁ প্লাবিত কৰাৰ লগতে চাৰাবৰী, হেলচা অঞ্চলৰ কৃষক ৰাইজৰ ঠন ধৰি উঠা কঠীয়া প্ৰায় নিঃশেষ কৰি পেলোৱা দেখা যায়। আজি বুঢ়াদিয়াৰ বানে উত্তৰ আমনিৰ পূৰ্ণিৰ পামত নৈ খনৰ উত্তৰ পাৰৰ দুৰ্বল বান্ধ চিঙি কুৰিটাৰো অধিক পৰিয়াৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাত পৰিয়াল সমূহৰ আলাই আথানি নহোৱা হৈছে৷ বহু কেইটা পৰিয়ালে কানাই খুন্দাৰ মথাউৰিত আশ্ৰয় লবলৈ বাধ্য হৈছে৷ বানে চিঙা অংশ পৰিদৰ্শন কৰিব যোৱা বিভাগীয় বিষয়া এগৰাকী গণৰোষৰ সন্মুখিন হব লগা হয় ৷ পশ্চিম নলবাৰীৰ প্ৰথমটো বানে ইতিমধ্যে শশ বিঘা মাটিৰ কঠীয়াতলি বুৰাই পেলোৱাৰ লগতে ঐতিহ্যমণ্ডিত নদলা বজাৰ খন বুৰাই পেলাইছে ৷ বুঢ়াদিয়াৰ বানে ইতিমধ্যে কুলবিঘাট ৰাজহুৱা শিৱালয় চৌহদ, সাহপুৰ ৰাজঘাটৰ ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজাৰ বাকৰি বুৰাই পেলাইছে৷ নৈখনৰ বানৰ পানী চামতা-কৈঠাকুছি পথৰ নদলা বজাৰৰ কাষৰ কালভাৰ্টেৰে ওলোতাকৈ সোমাই কুলিবিল, সাহপুৰ, পহলংপাৰাৰ বৃহৎকাৰৰ দুখন খেতি পথাৰ বুৰাই পেলাইছে৷ বুঢ়াদিয়াৰ বানে সাহপুৰ গামাৰিমূৰী হাৰিভাঙা পথৰ সাহপুৰ দুৰ্গা মন্দিৰৰ ওছৰৰ পৰা ঢোপৰতললৈ বৃহৎ অংশ বুৰাই পেলো্াত যাতায়ত বিঘ্নিত হৈছে৷ বানত কুলবিল হীৰা পৰাৰ পকী পথ বুৰাই পেলোৱাত যাতায়ত বিঘ্নিত হৈছে৷ প্ৰথমটো বানত পশ্চিম নলবাৰীৰ কুলবিল, সাহপুৰ, গামাৰিমূৰী, নদলা, বৰবৰা, পূৰ্নি, ন পাৰা, খাটনীয়া পাৰা, বৰপিত, অঞ্চলৰ শতাধিক লোকৰ ঘৰ দুৱাৰ বুৰাই ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও বহুকেইটা গ্ৰাম্য বাট পথ আৰু কেবা শ বিঘা মাটিৰ ন কৈ সিচা কঠীয়াতলিৰ কঠীয়াৰ ক্ষতি সাধন কৰিছে৷ বুঢ়াদিয়াৰ বানে আমনি বাবাৰ থান; কুলবিলঘাট ৰাজহুৱা শিৱালয় আমনি হাতীপুটা; পখুৰা সনেশাৰ জান, লখোপুৰ, কেন্দুবাৰী অঞ্চলত মথাউৰি (গ্ৰাম্য পথ) চিঙাৰ আশংকাই দেখা দিছে ৷ বুঢ়াদিয়াৰ বানে যোৱা বছৰ গৰা খহনীয়াত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা সাহপুৰ ৰাজঘাট-পুৰ্ণি-বৰপিত সংযোগী পথৰ সাহপুৰৰ ৮০ শতাংশ ভগ্ন অংশটো যিকোনো মুহুৰ্তত চিঙি পেলাই বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ তীব্ৰ আশংকাই দেখা দিছে৷ ইফালে বানপানীৰ ফলত পশ্চিম নলবাৰী অঞ্চলৰ বহুকেইখন বিদ্যালয় পানীয়ে বুৰাই পেলোৱাৰ বাবে বন্ধ দিব লগা হৈছে৷ বানৰ কবলত পৰা চামতাৰ চিপছ গ্লোবেল একাডেমী, ব্রিলিয়ান্ট একাডেমী, বিষ্ণুজ্যেতি একাডেমী, বীনাপানী প্রাথমিক বিদ্যালয়ৰ লগতে আৰু কেবাখনো বিদ্যালয় বন্ধ ৰাখিব লগা হৈছে ৷

প্ৰেৰক তপন কুমাৰ শর্মা

You might also like