ধুবুৰীত আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন ড্ৰাগছ সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৩১ মেঃ আজি ধুবুৰীত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন দাগী ড্ৰাগছ সৰবৰাহকাৰী জালত পৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত আৰক্ষীৰ এটি দলে আজি দুপৰীয়াৰ পিনে স্থানীয় ৰেল আস্থানৰ সমীপৰ ৰাজপথত এক অভিযান চলাইছিল। সেই অভিযানত বৃহৎ পৰিনাণৰ নিছাযুক্ত ঔষধসহ জনৈক ৰাতুল হুছেইন মণ্ডল নামৰ ড্ৰাগছ সৰবৰাকাৰীক হাতেলোটে কৰায়ত্ব কৰে আৰক্ষীয়ে। ধৃত সেই যুৱকজনৰ পৰা ১৪০টা নিচাযুক্ত কফচিৰাপৰ বটল, ৪৯০০টা নিচাযুক্ত টেৱলেট উদ্ধাৰ হোৱা বুলি প্ৰকাশ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত বুলি জানিব পৰা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী