নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ শিৱসাগৰ সদৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যোৱানিশা এক গোপন সুত্ৰৰ পম খেদি নগৰৰ মাজমজিয়াৰ ধাই আলি অঞ্চলত চলোৱা অভিযানত এহাল দম্পতি সহ মুঠ তিনিটাকৈ ড্ৰাগছ মাফিয়াৰ লগতে দহটা হেৰইনভৰ্তি কন্টেইনাৰ আৰু নগদ চাৰি লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷নগাও জিলাৰ পৰা আহি শিৱসাগৰৰ এজন ব্যক্তিৰ ঘৰত ঘৰ ভাড়া লৈ এই ভয়ংকৰ বেহাত নমা ড্ৰাগছ ব্যৱসায়ীকেইটাক নগাঁও জিলাৰ নিবাসী আবু হানিফ আৰু পত্নী চেলিমা খাতুনৰ লগতে মফিদুল ইছলাম নামৰ আন এটা কূখ্যাত সৰৱৰাহকাৰীকো আটক কৰিবলৈ সক্ষম ৷অসামৰিক পোচাকত গ্ৰাহকৰ বেশেৰে যোৱা আৰক্ষীৰ দলটোৱে ইতিমধ্যে গ্ৰাহকৰ বাবে সাজু কৰি থোৱা দহ টাকৈ হেৰইন ভৰ্তি কন্টেইনাৰৰ লগতে হেৰইন বিক্ৰি কৰি লাভ কৰা চাৰি লাখকৈ টকা জব্দ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহণ কৰিছে ৷ প্ৰাপ্ত বাতৰি মতে দীৰ্ঘদিনৰ পৰা ধাই আলি অঞ্চলত শ্ৰমিকৰ বেশেৰে থিতাপি লোৱা এই মাফিয়া চক্ৰটোৱে কূখ্যাত নজৰ ফকীৰৰ লগতে নেমু, চোবেৰ আলি, মষ্ট ৱান্টেড কূখ্যাত গাড়ী চোৰ তথা ড্ৰাগছ মাফিয়া ৰাজু আলিৰ সৈতে মিলি সমগ্ৰ শিৱসাগৰ জিলাখনতেই ভয়ংকৰ ৰূপত এই মাৰাত্মক বেহাৰ ৰমৰমীয়া বেহা চলাই আহিছিল৷ ইতিমধ্যে এই কূখ্যাত চক্ৰটোৰ অন্যতম সহযোগী ড্ৰাগছ মাফিয়া তথা জেল ফেৰৎ ৰাজু আলিয়ে দুটাকৈ স্থানত প্ৰায় তেত্ৰিশ লাখ টকাৰে মাটি আৰু বাণিজ্যিক বাহন ক্ৰয় কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই আবু হানিফ, চেলিমা খাতুন আৰু মফিদুল ইছলাম আৰক্ষীৰ জালত পৰে৷ জানিব পৰা মতে ধৃত তিনিওটা ড্ৰাগছ মাফিয়াই নগাও জিলাৰ চামগুৰি আৰু ৰূপহীৰ পৰা নিয়মিত প্ৰতি সপ্তাহৰ দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা দেওবৰীয়া বজাৰলৈ অহা পাচলীৰ গাড়ীত ড্ৰাগছ সমুহ শিৱসাগৰলৈ সৰৱৰাহ কৰি আহিছিল৷ অৱশেষত পলমকৈ হলেও শিৱসাগৰৰ সদৰ আৰক্ষী থানাই কূখ্যাত চক্ৰটোৰ তিনিটাকৈ সৰৱৰাহকাৰীক জালত পেলাবলৈ সক্ষম হল যদিও এতিয়াও মূক্ত আকাশৰ তলত টিঘিলা ঘিলাই ঘুৰি আছে নজৰ ফকীৰ, চোবেৰ আলি, ৰাজু আলি, নেমুৰ দৰে কূখ্যাত মাফিয়া৷ ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভদ শিৱসাগৰ আৰক্ষীয়ে ৭/২০২৪ নম্বৰৰ এটা নিজাববীয়া গোচৰ ৰূজু কৰি আজি বিয়লি তিনিও অভিযুক্ত আদালতত হাজিৰ কৰাই দুগৰাকীক অধিক তথ্য উদ্ধাৰৰ বাবে নিজৰ জিম্মাত বিছাৰি আৰ্জি দিয়াৰ বাতৰি পোৱা গৈছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান