নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ অসমীয়া সাংস্কৃতিক জগত উকা কৰি অজান দেশলৈ গুছি গ’ল বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত আজি পুৱা প্ৰায় ১১.৩০ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ। ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হোৱা অৰ্চনা মহন্ত মগজুৰ ৰক্তক্ষৰণ হৈছিল কিছুদিন হাস্পতালত চিকিৎসাৰ অন্তত পুনৰ ঘৰলৈ অনা হৈছিল কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। মাতৃৰ বিয়োগত শোকৰ ভাঙি পৰিছে পুত্ৰ অংগৰাগ পাপন মহন্ত। অসমবাসীৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিছে। বিহু সম্ৰাট প্ৰয়াত খগেন মহন্তৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন বিহু মঞ্চত গীত পৰিবেশন কৰিছিল খগেন-অৰ্চনা যুতিয়ে।
আজি ৰাজ্যিৰ মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় বিশিষ্ট শিল্পীগৰাকীৰ। অজস্ৰ গুণমুগ্ধই শেষবাৰৰ বাৰে শ্ৰদ্ধাঞ্জলি জনায় শিল্পীগৰাকীক। জুবিন গাৰ্গকে ধৰি সাংস্কৃতিক জগতৰ বহু গুণমুগ্ধই শ্ৰদ্ধা জনোৱাৰ লগতে শেষকৃত্যত উপস্থিত থাকে।