নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিগত দুবছৰে বড়ো মাধ্যমত নাই গণিত বিষয়ৰ শিক্ষকঃ শ্ৰেণী বৰ্জন কৰি ছাত্ৰ-ছাত্ৰীৰ আন্দোলন

নিময়ীয়া বাৰ্তা, ৫ মে : বাসুগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত শিক্ষক অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি অন্যান্য পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । বিষয়টো শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো আজিলৈ কোনো গুৰুত্ব দিয়া নাই । সন্মুখত নিজৰ শিক্ষাৰ ভবিষ্যৎ অন্ধকাৰ দেখি উপায়ান্তৰ হৈ শ্ৰেণীকোঠা বৰ্জন কৰি গণিত শিক্ষক বিচাৰি আন্দোলনত নামিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী । এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । শ্ৰেণী বৰ্জন কৰি বিদ্যালয়খনৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দুবছৰ ধৰি বিদ্যালয়ত নাই গণিত শিক্ষক বিষয়ৰ শিক্ষক নথকাৰ বাবে বিদ্যালয়খনৰ বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ বাবে গণিত বিষয়ৰ শিক্ষক বিচাৰি হাতে হাতে প্লেকাৰ্ড লৈ ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰে । ছাত্ৰ ছাত্ৰীৰমতে বিগত বৰ্ষত গণিত বিষয়ৰ শিক্ষক অবিহনেই পৰীক্ষাত অৱতীৰ্ণ হব লগা হৈছে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে । একমাত্ৰ গণিত শিক্ষক নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাত শূণ্য, এক, দুই নাইবা তিনি নম্বৰ লাভ কৰিছে বুলি সাংবাদিকক এই অকপট স্বীকাৰোক্তি দিয়ে ভুক্তভোগী ছাত্ৰী ছাত্ৰী সকলে । নতুনকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি নিদিয়ালৈকে শ্ৰেণী বৰ্জন আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী সকলে । এই সন্দৰ্ভত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীৰ অসহায় উত্তৰ যিদিনা পূৰ্বৰ গণিত শিক্ষক জনে চাকৰিৰ পৰা অৱসৰ লৈছিল তাৰ কিছুদিন পিছৰে পৰা আমি উৰ্দ্ধতম কৰ্তৃপক্ষক আৰু স্থানীয় বিধায়ককো জনাইছিলো কিন্তু আজিলৈকে বিদ্যালয়খনত গণিতৰ নতুন শিক্ষকৰ নিযুক্তি দিয়ানাই । বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বড়ো মাধ্যমৰ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক অৱসৰ গ্ৰহণ কৰাৰ পিছৰে দুবছৰ ধৰি পদ খালি আছে , এই সন্দৰ্ভত বিগত দুবছৰ ধৰি ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট কতৃপক্ষক বাৰম্বাৰ জনোৱা হৈছে যদিও এই সমস্যা সমাধান কৰিবলৈ কোনও পদক্ষেপ গ্ৰহণ কৰা নাই বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন ৰায়ে জানিবলৈ দিয়ে । নৱম আৰু দশম শ্ৰেণীত গণিতৰ পাঠ গ্ৰহণ নকৰাকৈ সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলে গণিত পৰীক্ষাত কি নম্বৰ লাভ কৰিব তাকে প্ৰশ্নৰ উদ্বেগ হৈছে । দহ বছৰ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃত্ব বহন কৰি পৰবৰ্তী সময়ত ৰাজনীতিত প্ৰৱেশ কৰি পৰিবৰ্তনৰ শ্লোগান দি বিটিআৰ ৰ ক্ষমতা দখল কৰা প্ৰমোদ বড়োৰ বিটিআৰ এলেকাত বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষক বিচাৰি শ্ৰেণীকোঠা বৰ্জন আন্দোলন কৰাটো অতিকৈ দুৰ্ভাগ্যজনক আখ্যা এগৰাকী বড়ো মাধ্যমৰ শিক্ষিকাৰ । অতিশীঘ্ৰেই বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলৰ এই সমস্যা সমাধান কৰিবলৈ বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ জনাইছে।
প্ৰেৰক ভৃগুমনি ৰায়

You might also like