নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ত হাতেলিখা আলোচনী উন্মোচন

বিশেষ বাৰ্তা, ৩০ জানুৱাৰীঃ মৰিয়নিৰ সমীপৰ অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাতঃ সভাৰ মাহেকীয়া হাতেলিখা আলোচনী উন্মোচন কৰা হয়। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি এই হাতে লিখা আলোচনীখন উন্মোচন কৰে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক নগেন গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত আলোচনীখন উন্মোচন কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়- এইটো এটা অতি উল্লেখনীয় আৰু প্ৰশংসনীয় কাম। তেওঁ কয়- এইখন তেওঁৰ জীৱনৰ প্ৰথম গ্ৰন্থ য’ত প্ৰতিদিনৰ প্ৰাতঃ সভাত বিভিন্ন জনে ৰখা বক্তব্যসমূহ লিপিবদ্ধ কৰি তাক আলোচনীৰ আকাৰে প্ৰকাশ কৰি তুলিছে। এনে আলোচনী তেওঁ জীৱনত প্ৰথম দেখিছে বুলি উল্লেখ কৰি ভৱিষ্যতেও এই কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, বিদ্যালয়খনৰ প্ৰাতঃ সভাত প্ৰতিদিনেই বিভিন্নজন ব্যক্তিৰ বক্তব্য সমূহ লিপিবদ্ধ কৰি সেইসমূহেৰে মাহৰ শেষৰ দিনটোত আলোচনী আকাৰে প্ৰকাশ কৰি উলিওৱা হয়। তাৰোপৰি আলোচনীখনত প্ৰতিদিনাৰেই ইংৰাজী চন, তাৰিখ, বাৰৰ উপৰিও অসমীয়া চন, তাৰিখ, বাৰ, দিনটোত কি হৈছিল, কাৰ জন্ম, কাৰ মৃত্যু, এটা সাঁ‌থৰ, এটা নীতি বচন, ফকৰা যোজনা, মহৎলোকৰ বাণী, তিনিটা সমাৰ্থক শব্দ, তিনিটা বিপৰীত শব্দ আদি লিখা থাকে। ইয়াৰ পূৰ্বে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পুলক কছাৰীয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচী মুকলি কৰে। চমু অথচ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like