ওজন শাখা সলনি হ’ব লাভলীনা বৰগোহাঁইৰ
🔹 ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক
নিউজ ডেস্ক, ১১ এপ্রিল : ২০২৮ চনত লছ এঞ্জেলছত হ’বলগীয়া অলিম্পিকত ওজন শাখা সলনি কৰিব টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়ী অসম-কন্যা লাভলীনা বৰগোহাঁয়ে৷ লছ এঞ্জেলছ অলিম্পিকত লাভলীনাই ৭০ কেজি অথবা ৮০ কেজি ঊর্ধ্বৰ শাখাত অংশগ্রহণ কৰিব লাগিব৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে তেওঁৰ বর্তমানৰ ৭৫ কেজি ওজন শাখা বাতিল কৰাৰ বাবে লাভলীনাই ৭০ কেজি অথবা ৮০ কেজি ঊর্ধ্ব শাখাৰ যিকোনো এটা ওজন শাখা বাছি ল’ব লাগিব৷ প্রথম অৱস্থাত লাভলীনাই ৭০ কেজি শাখাত খেলাৰ ইচ্ছা প্রকাশ কৰিছিল৷ কিয়নো তেওঁৰ মতে ৮০ কেজি ঊর্ধ্বৰ শাখাত অংশ লোৱাটো তেওঁৰ বাবে প্রত্যাহ্বানজনক হ’ব৷ সংবাদ প্রতিষ্ঠানৰ আগত অসম-কন্যা লাভলীনাই কয় যে এয়া মোৰ বাবে আন এক পৰীক্ষা৷ কথাটো শুনি আচৰিতো হৈছোঁ৷ মই ভাবোঁ যে মই ৭০ কেজিলৈ নামিব লাগিব৷ কাৰণ মোৰ বাবে ৮০ কিলোগ্রাম ঊর্ধ্বলৈ উঠি যোৱাটো কঠিন হ’ব৷ অৱশ্যে লাভলীনাৰ ব্যক্তিগত প্রশিক্ষক প্রণামিকা বৰাই চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূর্বে এক বিস্তৃত মূল্যায়নৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ প্রশিক্ষক প্রণামিকা বৰাই কয় যে সঁচাকৈয়ে এই খবৰটোত আচৰিত হৈছোঁ৷ লাভলীনাই দুয়োটা ওজন শাখাতে প্রতিদ্বন্দ্বিতা আগবঢ়াব পাৰে৷ কাৰণ লাভলীনাৰ ৮০ কেজি ঊর্ধ্ব শাখাত খেলিব পৰা উচ্চতা আছে৷ বর্তমান লাভলীনাৰ ওজন হ’ল ৭৪ কেজি৷ প্রশিক্ষকগৰাকীয়ে সকীয়াই দিয়ে যে অত্যধিক ওজন কমালে শক্তি হ্রাস পাব পাৰে৷ উল্লেখ্য যে পেৰিছ অলিম্পিকৰ পূর্বে ৬৯ কেজি শাখা উঠাই দিয়াৰ বাবে লাভলীনাই ৭৫ কেজিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷