নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’ৰ্টত উকীল সংস্থাৰ পিআইএল

নিয়মীয়া বাৰ্তা, ১৮ মে’: ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চিকিৎসা আৰু প্রতিষেধক লৈ ৰাজ্যবাসীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দর্ভত উচিত নির্দেশনা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ উকীল সংস্থা, গুৱাহাটীয়ে দাখিল কৰা ২৪/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই ব্যক্তিগত হাস্পতালত স্বাস্থ্য বীমা থকা ৰোগীসকলক চিকিৎসা প্রদান কৰিবলৈ অমান্তি হোৱা প্রসংগ উত্থাপন কৰে৷ একে সময়তে গ্রামাঞ্চলসমূহৰ বাসিন্দাসকলে প্রতিষেধক লাভ কৰাৰ বাবে সূচী লাভ নকৰা প্রসংগও আদালতৰ মজিয়াত উত্থাপন কৰিছে আবেদনকাৰীৰ অধিবক্তাই৷

অৱশ্যে সোমবাৰে আবেদনকাৰীৰ অধিবক্তাই উত্থাপন কৰা প্রসংগসমূহৰ ওপৰত নির্দেশনা প্রকাশ কৰিবলৈ দুদিনৰ সময় বিচাৰে চৰকাৰী অধিবক্তাই৷ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ অচিন্ত্যমল্ল বুজবৰুৱাৰ খণ্ড বিচাৰপীঠে চৰকাৰী অধিবক্তাৰ অনুৰোধ মর্মে দুদিনৰ সময় প্রদান কৰে৷ অহা ২৯ মে’ত পুনৰ এই গোচৰটোৰ শুনানি গ্রহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

উল্লেখ্য যে ক’ৰোনাৰ ভেকচিনৰ ক্ষেত্রত ১৮ৰ পৰা ৪৪ বছৰৰ ব্যক্তিসকলক চৰকাৰী ৱেবছাইটযোগে পঞ্জীয়ন কৰিবলৈ নির্দেশ দিয়া হৈছে৷ উক্ত ৱেবছাইট অথবা এপৰ জৰিয়তে সংশ্লিষ্ট উপভোক্তাক ভেকচিন প্রদানৰ সময়, স্থান, দিন আদি নির্ধাৰণ কৰি দিয়া হৈছে৷ কিন্তু গ্রামাঞ্চলসমূহত অনলাইন প্রক্রিয়াৰ জৰিয়তে ভেকচিনৰ সূচী নির্ধাৰণ কৰাত বাসিন্দাসকল যথেষ্ট অসুবিধা হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ সেইদৰে ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তিসকলেও দ্বিতীয় ড’জ ভেকচিন লাভ কৰা নাই বুলি বিভিন্নজনে প্রকাশ কৰি আহিছে৷ এনে সময়ত উকীল সংস্থাই এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উপস্থাপন কৰা কার্যই যথেষ্ট তাৎপর্য বহন কৰিছে৷

You might also like