নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ নতুন ৰাজ্যপাল ৰূপে শপত লক্ষ্মণ প্রসাদ আচার্যৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ আজি লক্ষ্মণ প্রসাদ আচার্যই ৰাজ্যৰ নতুন ৰাজ্যপাল ৰূপে শপত লয় ৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে আচার্যক শপতবাক্য পাঠ কৰোৱায়৷ উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্রহণৰ পূর্বে আচার্যই ছিকিমৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল৷ ১৯৫৪ চনৰ ৩ অক্টোবৰত উত্তৰ প্রদেশৰ লক্ষ্ণৌত আচার্যই জন্মগ্রহণ কৰিছিল৷ ১৯৭৩ চনত বাৰানসীৰ ৰামনগৰত থকা ভাৰতীয় শিশু মন্দিৰ নামৰ শৈক্ষিক প্রতিষ্ঠানত শিক্ষকতাৰে তেওঁ কেৰিয়াৰ আৰম্ভ কৰে৷ ১৯৭৭ চনৰ ২২ জুনত গ্রামাঞ্চলত শিক্ষাৰ প্রসাৰৰ বাবে তেওঁ এক অভিযান আৰম্ভ কৰে৷ তেওঁ বহুসংখ্যক ভিতৰুৱা গাঁৱত শিক্ষানুষ্ঠান স্থাপন কৰাত আগভাগ লয়৷ ১৯৯০ চনত আচার্যই ৰাজনীতিত প্রথম খোজ দিয়ে৷ বাৰানসীৰ ৰামনগৰ অঞ্চলৰ ভাৰতীয় জনতা পার্টীৰ সংমণ্ডল সভাপতি হিচাপে দায়িত্ব লাভ কৰে৷ ১১৯৫ চনত বাৰানসীৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা আচার্যই ১৯৯৬ চনত জিলা সভাপতি হিচাপে কার্যনির্বাহ কৰে৷ তেওঁ উত্তৰ প্রদেশৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল৷ ২০১৫ চনত উত্তৰ প্রদেশ বিধানসভা পৰিষদৰ সদস্য হিচাপে তেওঁ নির্বাচিত হয়৷ ২০২১ চনত দ্বিতীয়বাৰৰ বাবে একেটা পদবীতে পুনৰ নির্বাচিত হয়৷ ২০২৩ বর্ষত আচার্যক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্রদান কৰে৷ আজি অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত লোৱা লক্ষ্মন আচার্যক মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও প্রদান কৰা হৈছে৷ আজি শপত গ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যৰ প্রথম মহিলা কুমুদ দেৱী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীসহ অন্যান্য মন্ত্রীসকল উপস্থিত থাকে৷

You might also like