নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বেজেৰাত আজি বেজেৰা কীৰ্তন ঘৰৰ প্ৰস্তাৱিত মণিকূটৰ আধাৰশিলা স্থাপন কৰা হয়। এই মণিকূটৰ আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। চৌধুৰীয়ে আধাৰশিলা স্থাপন কৰি হোৱা সভাত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সত্ৰ-নামঘৰসমূহৰ উন্নয়নৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ গাঁওসমূহত থকা নামঘৰ মন্দিৰসমূহ আটকধুনীয়া কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা অনুদান হিচাপে দিছে। সেয়েহে এই অনুদান সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত সু-কবি লেখিকা ধৰ্মপ্ৰাণা মহিলা উৰ্ব্বশী চৌধুৰী উপস্থিত থাকি কয় যে নিতৌ গধূলি নামঘৰলৈ আহি কীৰ্তন ভাগৱত আদি শ্ৰৱণ কীৰ্তন কৰিলে মানুহৰ মঙ্গল আৰু কল্যাণ হয় বুলি কয়, লগতে তেওঁ নৱপ্ৰজন্মক ধৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান জনায়। বেজেৰাৰ গাঁওপ্ৰধান তথা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দণ্ডধৰ ভূঞাই আঁত ধৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা, মন্দিৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা চণ্ডীচৰণ ডেকাই ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে গছপুলি ৰোপণ কৰাৰ লগতে মুনীন্দ্ৰ নাৰায়ণ ডেকাই বেজেৰা কীৰ্তন ঘৰৰ ইতিহাসৰ কথা স-বিস্তাৰে দাঙি ধৰে।
প্ৰেৰক হীৰকজ্যোতি ডেকা