নিয়মীয়া বাৰ্তা, ৯ আগষ্ট : দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কুলচীত অৱস্থিত ঐতিহাসিক শ্রীশ্রী মা ভগৱতী টিয়াঁমাৰী গোসাঁনী পীঠৰ মুখ্য তোৰণৰ আজি আধাৰশিলা স্থাপন কৰা হয় ৷ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণৰ বাবে দিহা কৰা তোৰণখনিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই ৷ পীঠস্থানখনৰ পূজা পৰিচালনা সমিতিৰ সভাপতি কুলদীপ ৰাভা আৰু ৰিজেন ৰাভাই আঁত ধৰা মাংগলিক অনুষ্ঠানটিত আধাৰশিলা স্থাপন কৰি যুৱ নেতা বৈশ্যই নিজ বক্তব্যত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধৰ্মানুষ্ঠানসমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ৷ আনকি বৈশ্যই তেওঁৰ ব্যক্তিগত ফালৰ পৰাও পীঠস্থানখনলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ উপৰি ভৱিষ্যতলৈ সহযোগিতা কৰি যাব বুলিও আশ্বাস দিয়ে ৷ ইফালে, উক্ত মাংগলিক অনুষ্ঠানটিত অঞ্চলটোৰ ভক্তিপ্ৰাণ ৰাইজৰ মুৰব্বী তথা আয়তীসকলৰ লগতে পীঠস্থানখনৰ সৈতে জড়িত আৰুণিকান্ত ৰাভা, অৰুণ দীয়া, উমাকান্ত ৰাভা, দেৱেন্দ্ৰ নাথ ঠাকুৰীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকৰ উপৰি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কমলেশ্বৰ ৰাভা, দীপজ্যোতি ৰাভা, ধনঞ্জয় ৰাভা, চন্দন ৰাভা, হেমন্ত ৰাভা প্ৰভৃতি নেতা-কৰ্মীসকল উপস্থিত আছিল ৷
প্ৰেৰক নুৰুল ইছলাম