নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনকপুৰত দুর্গোৎসৱৰ লাইখুঁটা স্থাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰ : গুৱাহাটীৰ কাহিলিপাৰাৰ জনকপুৰ সাংবাদিক কলনীত আজি দুর্গোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় ৷ পুৰোহিতৰ মন্ত্রধ্বনি আৰু আয়তীসকলৰ উৰুলিৰে দুর্গোৎসৱ মণ্ডপৰ লাইখুঁটা স্থাপন কৰে পূজা উদযাপন সমিতিৰ সভাপতি দীপক কুমাৰ নেওগ আৰু সাধাৰণ সম্পাদক ক্ষীৰোদ গগৈ প্রমুখ্যে বিষয়ববীয়াসকলে ৷

অনুষ্ঠানত উদযাপন কমিটীৰ কার্যকৰী সভাপতি বসন্ত কুমাৰ ডেকা, উপ–সভাপতি ড০ প্রশান্ত কুমাৰ ডেকা, অপূর্ব কুমাৰ বৰা, ঘনকান্ত গগৈ, দুলুমণি শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক ৰূপক গোস্বামী, সত্যনাথ ডেকা, কোষাধ্যক্ষ জগন্নাথ তালুকদাৰ, হিচাপ পৰীক্ষক প্রদীপ ঠাকুৰীয়া, নৰেশ কলিতা, হেমাংগ বৈশ্য, অক্ষয় কুমাৰ তালুকদাৰ, ললিত চন্দ্র হাজৰিকা, হেমচন্দ্র দাস, ৰাজেশ্বৰ ঠাকুৰীয়া, বিশ্বজিৎ বৰগোহাঁই প্রমুখ্যে অঞ্চলটোৰ গণ্যমান্য ব্যক্তি তথা কর্মকর্তাসকলে অংশগ্রহণ কৰে৷ দুর্গোৎসৱ উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ দুর্গোৎসৱৰ সমূহ কার্যসূচীত সহযোগ কৰিবলৈ উদযাপন সমিতিৰ সভাপতি দীপক কুমাৰ নেওগ আৰু সাধাৰণ সম্পাদক ক্ষীৰোদ গগৈয়ে আহ্বান জনাইছে৷

You might also like