ঢকুৱাখনত মায়ামৰা সাংস্কৃতিক সমাজৰ সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন
নিয়মীয়া বার্তা, ১০ ফেব্ৰুৱাৰী : সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে ঢকুৱাখনাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত দেওবাৰে পুৱা মায়ামৰা সমাজৰ মাংগলিক ৰীতি-নীতিৰে এক উৎসৱমুখৰ পৰিৱেশত স্থাপন কৰা হয় অধিৱেশনৰ লাইখুঁটা। ঢকুৱাখনা জিলা মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি গণেশ চন্দ্ৰ ফুকন, সাধাৰণ সম্পাদক কুল নাথ দাসৰ নেতৃত্বত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি শশীধৰ দাস,যুটীয়া সম্পাদক ডিম্বেশ্বৰ দাস,নন্দেশ্বৰ দাসৰ লগতে জিলা সাংস্কৃতিক সমাজৰ বহুসংখ্যক বিষয়-ববীয়া সহস্ৰাধিক বাপ-বৈষ্ণৱ, আই-মাতৃ, ভক্ত প্ৰাণ ৰাইজৰ সহযোগত আয়তীৰ উৰুলী, হৰি নামৰ ধ্বন্নি আৰু মৃদংগ ভোৰ-তাল পৰিবেশনেৰে সৃষ্টি কৰা এক আধ্যাত্মিকতাৰ পৰিৱেশত নিত্যানন্দ দেৱ গোস্বামী সমন্বয় ক্ষেত্ৰত আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়। শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ নাম আৰু জয় ধ্বনিৰ মাজত স্থাপন কৰা লাইখুঁটা স্থাপন অনুষ্ঠানত দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুতা নন্দ দেৱ গোস্বামী,খুঁটিয়েপোতা সত্ৰৰ সত্ৰাধিকাৰ পৰমা নন্দ দেৱ গোস্বামী,সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কাৰ্যকৰী সভাপতি বেদকান্ত ফুকন,উপ-সভাপতি দুৰ্লভ বৰা,মহেন্দ্ৰ হাজৰিকা, সম্পাদক দিপন হাজৰিকা,হৰিজি সমাজৰ ৰাজ্যিক সদস্য নিজৰা গগৈৰ লগতে ধেমাজি জিলা সমিতিৰ সভাপতি কৃষকান্ত দাস, সম্পাদক হৰকান্ত দাস উপস্থিত থাকে।খোল,তাল,মৃদংগৰ ধ্বনিত প্ৰাণৱন্ত হৈ পৰা এক মাংগলিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা লাইখুঁটা স্থাপন অনুষ্ঠানত ঢকুৱাখনাৰ লগতে ধেমাজি, মাজুলী আদি স্থানৰ পৰা অহা কেইবাটাও মৃদঙীয়া দল,বৰ গাওঁবুঢ়াসকলে অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ স্থানীয় ৰাইজেও উপস্থিত থাকি সহযোগিতা আগবঢ়ায় অনুষ্ঠানটোত।
উল্লেখ্য যে ঢকুৱাখনা আৰু ধেমাজি জিলাৰ মায়ামৰা সাংস্কৃতিক সমাজৰ সৌজন্যত নিত্যানন্দ দেৱ গোস্বামী সমন্বয় ক্ষেত্ৰত অহা ২২ মাৰ্চৰপৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান হিচাপে ১৯৮৫ চনত জন্ম লাভ কৰা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন। মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ আধাৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ মাৰ্গ দৰ্শনৰ ভেঁটিত প্ৰতিষ্ঠা হোৱা মায়ামৰীয়া সমাজৰ এই বৃহৎ শক্তিশালী ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটোৰ অধিবেশনভাগী সৰ্বতো প্ৰকাৰে সফল কৰি তোলাৰ বাবে সকলোশ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ লগতে আদৰণি সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা