নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদুৱাৰ বাগানৰ শান্তিপুৰৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ শান্তিপুৰ গাঁৱৰ সোণালী জয়ন্তীৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ অসম-মেঘালয় সীমান্তৱৰ্তী ২নং বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ অন্তৰ্গত শান্তিপুৰ গাঁওখনে সময়ৰ ডেউকা কোবাই এক মাধুৰ্য্যপূৰ্ণ ক্ষণত উপনীত হৈছে ৷ তেনেক্ষেত্ৰত উক্ত ঐতিহাসিক ক্ষণ ৰোমন্থনৰ প্ৰয়াসেৰে অহা ২৮ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপনৰ দিহা কৰিছে ৷ সেয়ে উক্ত বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণৰ হেতু স্থানীয় নামঘৰ প্ৰাংগণত আয়োজন কৰা মাংগলিক অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ৷ লাইখুঁটা স্থাপন কৰি সাংসদ মেধিয়ে নিজ বক্তব্যত গাঁওখনৰ পৰিৱেশ তথা গঞা ৰাইজৰ স্বাভিমানক প্ৰশংসা কৰে ৷ আনহাতে, ভূমি পট্টা প্ৰসংগত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে তেওঁ । ইফালে, উদযাপন সমিতিৰ সম্পাদক ৰবীন শালৈয়ে আঁত ধৰা লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটিত স্থানীয় ৰাইজৰ উপৰি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবিৰ পৰিষদীয় নেতা নৃপেন চন্দ্ৰ ৰাভা, সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰমেন কুমাৰ দাসে বক্তব্য প্ৰদান কৰে ৷ তদুপৰি আঞ্চলিক আৰছুৰ সত্যজিত ৰাভা, প্ৰাণজিৎ ৰাভাৰ উপৰি হেমন্ত ৰাভা, ছাহজাহান আলী, সৰ্বেশ্বৰ শালৈ, বিতাৰাম দাসকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like