নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপলাই আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ : গোৱালপাৰা জিলাৰ ঐতিহাসিক টিপলাই আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ সভাগৃহৰ লাইখুঁটা আজি স্থাপন কৰা হয়। টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমাজকৰ্মী হৰকুমাৰ নাথে ৬১সংখ্যক টিপলাই আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ অস্থায়ী সভাগৃহৰ লাইখুঁটা স্থাপনৰ শুভ উদ্বোধন কৰি কয় যে বৃহত্তৰ টিপলাই অঞ্চলৰ এই ধৰ্মীয় অনুষ্ঠানটোত জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটো সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে ভক্তিপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰে। লগতে কৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ জৰিয়তে আত্মাৰ লগত পৰমাত্মাৰ যি মিলন, সেই মিলনৰ বিষয়েও বিশদভাৱে ভাষণ প্ৰসংগত কয়। বৃহত্তৰ অঞ্চলটোৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ৰাস মহোৎসৱ এইবেলি অহা ১৪ নৱেম্বৰৰ পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰাৰ লগতে ৰাস মহোৎসৱৰ প্ৰতিদিনেই নাম-প্ৰসংগ, আমন্ত্ৰিত নামদলৰ নাম পৰিৱেশন, সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি ৰাস পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক অপূৰ্ব নাথ আৰু গৌৰীকান্ত নাথে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

প্ৰেৰক জ্যোতিষ নাথ

You might also like