নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানডুবি উৎসৱ ২০২৫ বৰ্ষৰ লাইখুঁটা স্থাপন

🔹 পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত অৱস্থিত জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ চানডুবি বিলৰ পাৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক চানডুবি উৎসৱ উদযাপনৰ দিহা কৰা হৈছে ৷ ২০২৫ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা উক্ত উৎসৱৰ আজি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰা হয় ৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা-কৰ্মী তথা অঞ্চলস্থ বিশিষ্ট লোকসকলৰ উপস্থিতিত উৎসৱ উদযাপন সমিতিৰ সম্পাদক সত্যজিত ৰাভাই আঁত ধৰা অনুষ্ঠানটিত লাইখুঁটা স্থাপন কৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া সুবোধ তালুকদাৰে৷ আনহাতে, বন প্ৰাধিকাৰী বিষয়া তালুকদাৰে নিজ বক্তব্যত চানডুবি উৎসৱৰ প্ৰথম কাৰ্যসূচীৰ মাংগলিক তথা মহান অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই নিজে আনন্দিত হোৱা বুলি ব্যক্ত কৰে ৷ উল্লেখ্য যে মনোৰম বিলখনৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নৃগোষ্ঠীয় থলুৱা লোকাচাৰ, প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ণময় লোককৃষ্টিৰ সমাহাৰেৰে উৎসৱটি উদযাপন কৰা হ’ব ৷ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা উক্ত উৎসৱৰ লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটিত উৎসৱ উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাৰ উপৰি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা-কৰ্মীসকল উপস্থিত আছিল ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like