নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ১১ মে ‘ : বাক্সা জিলাৰ ২২নং ককলাবাৰী পৰিষদীয় সমষ্টিত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপনকে ধৰি পশ্চিম ৰিহাবাৰী আৰু চৰ্ণাত আইচিবিপিৰ ফাণ্ডৰ দুটাকৈ পকী পথ, জালাহ চ’কত নলা নৰ্দমাকে ধৰি কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰা পৰিলক্ষিত হয়। অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয়, “বড়ো সাহিত্য সভাৰ অধিবেশনৰ লগতে অন্যান্য কামৰ বাবে ককলাবাৰী পৰিষদীয় সমষ্টিত হ’ব লগীয়া ২৫টা পথৰ নিৰ্মাণ হ’বলৈ গৈ আছে। আজি মই সেইবোৰ চাবলৈ আহিছো আৰু যোৱা বছৰত ককলাবাৰী পৰিষদীয় সমষ্টিত ২৭ টা পথ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে দলং আৰু কালভার্ট নির্মাণ কৰিবলগীয়া আছে। সেয়ে অভিযন্তাৰ সহিতে চাবলৈ আহিছো। ” বিটিএডি এলেকাৰ জালাহত অসম সাহিত্য সভাৰ এক মাত্র আঞ্চলিক কাৰ্যালয় আছে বুলি উল্লেখ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই পুনৰ কয়, “অসম সাহিত্য সভাৰ এই জালাহ আঞ্চলিক কাৰ্যালয়ত ভাষা শিক্ষাৰে পৰা আদি কৰি বহুত ভাল ভাল প্ৰজেক্ট চলি আছে। সেইকাৰণে আমি এই কাৰ্যালয়টো নিৰ্মাণ কৰাৰ বাবে গৈ আছো প্ৰথমে ২৫ লাখ টকা দিয়াৰ কথা দিছিলো যদিও এই বৰ্ষৰ বজেটৰ পৰা আৰু ১০ লাখ টকা ধৰি মুঠ ৩৫ লাখ টকা গৃহ নিৰ্মাণৰ বাবে আবন্তন দিয়া হৈছে। অসম সাহিত্য সভাৰ এই আঞ্চলিক কাৰ্যালয়টো সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব। যাতে এই অঞ্চলৰ সকলো সাহিত্য অনুৰাগী আৰু ছাত্ৰ ছাত্রী সকলে ইয়ালৈ আহি সাহিত্য চৰ্চা কৰাৰ লগতে আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰিব পাৰে তেনে ধৰণৰ সুবিধা বিলাক কৰা হ’ব। ” বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগত কেবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে ।
প্ৰেৰক দিগন্ত দাস

You might also like