ডিব্ৰুগড়ত বাঘৰ আতংক, নিজ গৃহতে দুজনকৈ লোকক আক্ৰমণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে’ : ডিব্ৰুগড় নগৰত বাঘৰ আতংক অব্যাহত। দুজন লোকক আক্ৰমণ নাহৰফুটুকী বাঘৰ। গোহালিত গৰু বান্ধি থাকোঁতে আক্ৰমণ কৰে নাহৰফুটুকী বাঘে।
ডিব্ৰুগড় নগৰৰ উপকণ্ঠ কুঁহিয়াবাৰী চন্দ্ৰ নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গোবিন্দ ৰাজবংশী আৰু ট্ৰিকেন্দ্ৰ পাঠক নামৰ দুজনক হাতত আক্ৰমণ কৰে। আনহাতে আক্ৰমণ কৰি পলায়ন কৰা পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰা সমগ্ৰ জনবসতি পূৰ্ণ অঞ্চলটোত হাতে হাতে দা- লাঠি লৈ উলাই আহে আতংকিত ৰাইজ।
ঘটনা সন্দৰ্ভত ডিব্ৰুগড় বন বিভাগক খবৰ দিয়াত ঘটনা স্থলীত বন বিভাগৰ দল উপস্থিত হৈ জনসাধাৰণক বাঘ পিঞ্জৰাবদ্ধ কৰাৰ আস্বাস দিয়াৰ লগতে বাঘ খেদি পঠোৱা বাবে প্ৰদান কৰে আতচবাজী-ফটকা।
উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰাই ডিব্ৰুগড় নগৰৰ মাজমজিয়াত নাহৰফুটুকী বাঘৰ আতংক অব্যাহত থকা লগতে বিভিন্ন স্থানত পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ উপৰি জনসাধাৰণক আতংকিত কৰি আহিছে। দুজনকৈ লোকক নিজ গৃহতে আক্ৰমণ কৰাৰ ঘটনাই স্বাভাবিকতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।