নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ডিচেম্বৰ, আঘোণ মাহৰ ২৬ তাৰিখ
বৃহস্পতিবাৰ ঃ তিথি–শুক্লা দ্বাদশী, নক্ষত্রঃ অশ্বিনী, যাত্রা ঃ মধ্যম

মেষঃ শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ– অগৰু, চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷

বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৩৷ ব্যৱসায়ীৰ অর্থহানি হ’ব পাৰে৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ–তুলসী গছৰ গুৰিত পানী ঢ়ালি ধূপ–চাকি জ্বলাব৷

মিথুনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ চাকৰিৰ ক্ষেত্রত সন্মান লাভ হ’ব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷

কর্কটঃ শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷

সিংহঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷

কন্যাঃ শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷

তুলাঃ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷ প্রতিকাৰ– পুৱা গা ধুই সূর্যক প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাব৷

বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ– পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷

ধনুঃ শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব৷

মকৰঃ শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷

কুম্ভঃ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ মূৰত আঘাত পাব পাৰে৷ প্রতিকাৰ– তিনিটা ৰঙা জবা ফুল লৈ শিৱৰ লিংগত অর্পণ কৰি শিৱক ধ্যান কৰিব৷

মীনঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like