লীলা দাস-বীণা পাটগিৰীক “কৈশল্যা-ৰয়াবালা দেৱদাসী বঁটা” প্ৰদান
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিয়ে এক প্রাচীন ঐতিহ্যপূর্ণ নৃত্যকলা দেৱদাসী নৃত্যৰ প্রচাৰ আৰু প্রসাৰৰ বাবে লোৱা প্রচেষ্টাৰ অংশ হিচাপে বজালীৰ ডুবিৰ শ্রীশ্রীপৰিহৰেশ্বৰ দেৱালয়ৰ অন্তিম দুগৰাকী দেৱদাসী কৈশল্যা বালা দাস আৰু ৰয়াবালা দাসৰ স্মৃতিত এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰিছে “কৈশল্যা-ৰয়াবালা দেৱদাসী বঁটা”৷ এইবেলি প্ৰথমবাৰৰ বাবে আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিনাই এই সন্মানীয় বঁটা প্ৰদান কৰে দুগৰাকী প্ৰবীণ দেৱদাসী ক্ৰমে লীলা দাস আৰু বীণা পাটগিৰিক৷ এই উপলক্ষে আজি বজালীৰ ডুবিস্থিত শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় প্ৰাংগণত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকাৰ সভাপতিত্বত, সংগীত নাটক অকাডেমি বঁটা বিজয়ী নৃত্য শিল্পী ৰামকৃষ্ণ তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আনন্দৰাম বৰুৱা একাডেমি দেওবৰীয়া বিদ্যালয়ৰ সঞ্চালক উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানত নৃত্যপতিয়সী দুগৰাকীক এই বৰ্ষৰ “কৈশল্যা-ৰয়াবালা দেৱদাসী বঁটা” প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত গামোচা, জাপি, শৰাই, চেলং চাদৰ, প্ৰশস্থি পত্ৰৰ লগতে নগদ ধনো প্ৰদান কৰা হয়৷ উল্লেখ্য যে এসময়ত বিলুপ্তপ্ৰায় হৈ পৰা এই আপুৰুগীয়া দেৱদাসী নৃত্যক কলাগুৰু বিষ্ণু ৰাভা আৰু প্ৰবীণ শিল্পী প্ৰয়াত ৰত্ন তালুকদাৰে পুনৰুদ্ধাৰৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰি ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ৰ শেষৰ দুগৰাকী দেৱদাসী কৈশল্যা বালা দাস আৰু ৰয়াবালা দাসৰ জৰিয়তে এই নৃত্য পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰে৷ তাৰ পিছত বিলুপ্তপ্ৰায় নৃত্যকলাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ চিন্তাৰে প্ৰথমাৱস্থাত কৌশল্যা বালা দাস আৰু ৰৈয়াবালা দাসৰ পৰা সেইসময়ৰ স্থানীয় চাৰিজনী যুৱতী ক্রমে জয়া পাটগিৰী, ৰেণু দেৱী, লীলা দাস আৰু বীণা পাটগিৰীক এই নৃত্যবিধ শিকোৱা হয়৷ তেওঁলোকক শিকাই মেলি পাঠশালা হৰিমন্দিৰ চৌহদস্থিত নাট্যমন্দিৰত এই নৃত্যবিধ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে আৰু এনেদৰে দেৱদাসী নৃত্যই দেৱালয়ৰ পৰা মঞ্চলৈ যাত্ৰা আৰম্ভ কৰে৷ এই চাৰিগৰাকী নৃত্যশিল্পীৰ ভিতৰত দুগৰাকী দেৱদাসী লীলা দাস আৰু বীণা পাটগিৰিক আজি এক অনুষ্ঠানযোগে প্ৰথমবাৰৰ এই বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, নৰ্তন কলা নিকেতনৰ অধ্যক্ষ ৰুমী তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন, শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ৰ দলৈ ৰোহিনী শৰ্মা দলৈ, প্ৰবীণ নৃত্য শিল্পী প্ৰমীলা তালুকদাৰকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত কৈশল্যা আৰু ৰয়াবালাৰ পৰিয়ালৰ সদস্যকে ধৰি দেৱদাসী নৃত্যৰ লগত জড়িত আন দহগৰাকী শিল্পীকো সম্বৰ্দ্ধনা জনোৱা হয়৷
প্ৰেৰক কল্যাণ কলিতা