আজিৰে পৰা বিধানসভাৰ শীতকালীন অধিৱেশন
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ আজিৰে পৰা ৫ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ এইবাৰ অধিৱেশনত মুঠ ১৩খন বিধেয়ক উত্থাপন হ’ব৷ ইয়াৰে এখন নতুন বিধেয়ক আৰু ১২খন সংশোধনী বিধেয়ক৷ নতুন বিধেয়কখন হৈছে গৃহ আৰু ৰাজনৈতিক বিভাগৰ ‘দ্য আছাম ৰিক্রুইটমেণ্ট কমিছন্ছ ফৰ এনাল’জিয়াছ পোষ্টছ ইন ক্লাছ থ্রী এণ্ড ক্লাছ ফ’ৰ বিল, ২০২১’৷ ৰাজ্য চৰকাৰে এক লাখ নিবনুৱাক প্রথম বছৰটোতে নিযুক্তি দিয়াৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবেই এই নতুন বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰিব৷ সেইদৰে সংশোধনী বিধেয়ক ১২খন হৈছে– গৃহ আৰু ৰাজনৈতিক বিভাগৰ ‘দ্য আছাম কেটল প্রিজাৰভেচন (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য আছাম পুলিচ (এমেণ্ডমেণ্ট) বিল, ২০২১’, সমবায় বিভাগৰ ‘দ্য আছাম কো–পাৰেটিভ ছ’চাইটিজ (এমেণ্ডমেণ্ট) বিল, ২০২১’, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ ‘দ্য সোণোৱাল কছাৰী অট’নমাছ কাউন্সিল (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য দেউৰী অট’নমাছ কাউন্সিল (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য আছাম ট্রাইবেল ডেভেলপমেণ্ট অথৰিটী (ৰিপিল), ২০২১’, ‘দ্য আছাম ছিডিউল কাষ্ট এণ্ড ছিডিউল ট্রাইব্ছ (ৰিজার্ভেচন অৱ পোষ্টছ ইন ছার্ভিচেছ) (এমেণ্ডমেণ্ট) বিল, ২০২১’, গৃহ আৰু নগৰ উন্নয়ন পৰিক্রমা বিভাগৰ ‘দ্য গুৱাহাটী মিউনিচিপাল কর্প’ৰেচন (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য আছাম মিউনিচিপাল (এমেণ্ডমেণ্ট) বিল, ২০২১’, আবকাৰী বিভাগৰ ‘দ্য আছাম এক্সাইজ (এমেণ্ডমেণ্ট) বিল, ২০২১’, ৰাজহ (সংস্কাৰ) আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ‘দ্য ৰাইট টু ফেয়াৰ কমপেনচেচন এণ্ড ট্রেন্সপাৰেন্সী ইন লেণ্ড একুইজেচন ৰিহেবিলিটিয়েচন এণ্ড ৰিছেটেলমেণ্ট (আছাম এমেণ্ডমেণ্ট) বিল, ২০২১’ আৰু ‘দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হ’ল্ডিং (এমেণ্ডমেণ্ট) বিল, ২০২১’৷
ইপিনে এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰৰ বিভিন্ন কাম–কাজক লৈ সদনৰ মজিয়াত সৰৱ হোৱাৰ নীতি গ্রহণ কৰিছে বিৰোধী দল কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই (এম) আৰু ৰাইজৰ দলে৷ প্রধান বিৰোধী দল কংগ্রেছে আজি অধিৱেশনৰ প্রথম দিনটোতে গৰুখুঁটি কাণ্ড, যোৰহাটৰ ঘটনা, মূল্যবৃদ্ধি, ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিক লৈ সদন উত্তাল কৰাৰ ৰণকৌশল যুগুতাইছে৷ এই সম্পর্কত দেওবাৰে সন্ধিয়াৰ ভাগত কংগ্রেছ বিধায়িনী দলে ৰণকৌশল সম্পর্কে আলোচনা কৰাৰ বাবে এখন বৈঠকতো মিলিত হয়৷
এই সম্পর্কত বিৰোধী দলপতি দেৱব্রত শইকীয়াই জানিবলৈ দিয়া মতে, মৃল্যবৃদ্ধি, বিভিন্ন বিভাগৰ দুর্নীতি–কেলেংকাৰিক লৈ সদনত কংগ্রেছ দল সৰৱ হৈ গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিব৷ বিৰোধীৰ এই তৎপৰতাৰ বিপৰীতে সদনৰ মজিয়াত বিৰোধীৰ প্রতিটো প্রশ্ণৰ উত্তৰ দি বিৰোধী প্রতিহত কৰাৰ ৰণনীতি যুগুতাইছে শাসক দল বিজেপি মিত্রজোঁটে৷
শাসক পক্ষৰ এক সূত্রই জানিবলৈ দিয়া মতে, এইবাৰৰ শীতকালীন অধিৱেশনে এক লাখ নিবনুৱাক নিযুক্তিৰ ক্ষেত্রত নতুন পথৰ সন্ধান দিব৷ বিৰোধীয়ে অধিৱেশনৰ কাম–কাজত বাধা দিলেই শাসক পক্ষৰ পৰা সেই দিশটো উন্মোচিত কৰি বিৰোধীক নিবনুৱাবিৰোধী শক্তি হিচাপে জনমানসত পৰিচয় কৰাই দিয়াৰ ব্যৱস্থা কৰাৰ ৰণকৌশল নির্ধাৰণ কৰিছে৷