বিশেষ বাৰ্তা, ২১ জুলাইঃ মহানগৰীৰ পাৰ্শ্ববৰ্তী চন্দ্ৰপুৰ তথা আমচাং অভয়াৰন্যৰ দাঁতি কাষৰীয়া হাজংবড়িত আজি এটা নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ কৰে স্থানীয় ৰাইজে। জানিব পৰামতে পুৱা বৰষুণ দি থকা অৱস্থাত ৰাণা স্বৰ্গীয়াৰী নামৰ এজন বন কৰ্মীৰ জনৰ চৌহদত মেকুৰী সদৃশ জন্তু এটা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। পিছত এইটো নাহৰফুটুকী বাঘৰ পোৱালী বুলি নিশ্চিত হৈ স্থানীয় বন বিভাগৰ লোকক খবৰ দিয়ে। লগে লগে বন কৰ্মী সেই স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নাহৰফুটুকীৰ পোৱালীটো উদ্ধাৰ কৰে।পিছত স্থানীয় বন বিভাগৰ লোকে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ খবৰ দিয়ে। খবৰ পোৱা মাত্ৰকে চিৰিয়াখানা কৰ্তৃপক্ষ পিঞ্জৰা লৈ নিৰ্দিষ্ট স্থানত উপস্থিত হয় আৰু পিঞ্জৰাবব্ধ কৰি চিৰিয়াখানালৈ লৈ যায়। চন্দ্ৰপুৰৰ বন বিষয়া হিমাংশু তালুকদাৰে জানিব দিয়া মতে উদ্ধাৰ হোৱা পোৱালিটোৰ বয়স ৬-৭ মাহ হব। নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আমচাং অভয়াৰন্যৰ পৰা মাতৃৰ পৰা বিচ্ছিন্ন হৈ জনাৰণ্যত প্ৰবেশ কৰিছিল নাহৰফুটুকীৰ পোৱালিটো।
প্ৰেৰক বিভাষ দাস