নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলৰ লগতে চাহ বাগিচা এলেকাসমূহত বিগত প্ৰায় মাহ ধৰি নাহৰফুটুকীৰ মুকলি বিচৰণে ৰাইজক সন্ত্ৰাসিত কৰা বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । তিনিচুকীয়া বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পানীতোলাৰ গোবিন্দপুৰ, টিংৰাই, চাবুৱা এয়াৰফৰ্চ ষ্টেচন, দেওহাল, কেহাং, হাতীমৰা চাহ বাগিচা, বিন্ধাকটা আদি অঞ্চলত কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি মানুহৰ গৰু-ছাগলী চিকাৰ কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি তিনিচুকীয়া বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ বিজয় বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়ে। নাহৰফুটুকীকেইটাই খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰেঞ্জাৰগৰাকীয়ে। বন বিভাগে এতিয়ালৈ কেইবাটাও নাহৰফুটুকী পিঞ্জৰাবদ্ধ আৰু ট্ৰেংকুলাইজ কৰি পৰৱৰ্তী সময়ত আপাৰ দিহিং আৰু চৰাইপুং বনাঞ্চলত মুকলি কৰি দিয়া বুলি উল্লেখ কৰে। বৰ্তমানলৈ কেইবাটাও পোৱালি উদ্ধাৰ কৰাৰ লগতে সাতটা নাহৰফুটুকী উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে দুটা মৃত অৱস্থাত পোৱা গৈছে বুলি কয়। নাহৰফুটুকী বাঘে যিসকল লোকৰ গৰু-ছাগলী ভক্ষণ কৰিলে তাৰ ক্ষতিপূৰণ পাবৰ বাবে বিভাগত অভিযোগ দাখিল কৰিবলৈ ৰেঞ্জাৰগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে । লগতে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দূৰীকৰণৰ হেতু এলানি সজাগতামূলক সভা আয়োজনৰ প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে। ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ লগতে স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠন আৰু শিক্ষানুষ্ঠানসমূহৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই সজাগতা সভাসমূহ জিলাখনৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচা এলেকাত বৃহৎ পৰিসৰত সামৰি লোৱা হ’ব বুলি জানিবলৈ দিয়ে। লগতে উল্লেখ কৰে যে জিলাখনত নাহৰফুটুকীৰ সন্ত্ৰাস বৃদ্ধি পাইছে যদিও সেই অনুপাতে তিনিচুকীয়া বনাঞ্চলিক কাৰ্যালয়ত পৰ্যাপ্ত পিঞ্জৰা নথকাত উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে । তদুপৰি বিভাগীয় বাহনৰ দুৰৱস্থা আৰু নামমাত্ৰ কৰ্মচাৰীয়ে বনাঞ্চলিক কাৰ্যালয়টো চলাই নিয়াতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰে ৰেঞ্জাৰগৰাকীয়ে ।
প্ৰেৰক সুৰজ দাস