বিকাশৰ যাত্রাৰ সহযোদ্ধা হওঁ আহক
ইংৰাজী নৱবর্ষ উপলক্ষে ৰাজ্যবাসীক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছেছা৷ বিগত বর্ষটোত ক’ৰোনা ভাইৰাছ অতিমাৰীয়ে সৃষ্টি কৰা প্রত্যাহ্বান উমৈহতীয়া প্রচেষ্টাৰে মোকাবিলা কৰি নতুন বর্ষটোত আমি ভৰি দছেছা৷ মই আশা কৰিছোঁ পহিলা জানুৱাৰীৰ উদিত কিৰণে ক’ভিড–১৯সৃষ্ট অমানিশাৰ ইতি পেলাব৷ আগন্তুক প্রতিটো দিন ৰাজ্যবাসীৰ বাবে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰে পূর্ণ হ’ব৷
বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ প্রতিটো জাতি–জনগোষ্ঠীৰ অকুণ্ঠ সহায়–সহযোগিতাৰে আমাৰ চৰকাৰে ইতিমধ্যে চাৰে চাৰি বছৰ সফলতাৰে অতিক্রম কৰিলে৷ ৰাজ্যবাসীৰ জাতি–মাটি–ভেটি সুৰক্ষিত কৰি এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদমুক্ত আৰু প্রদূষণমুক্ত অসম গঢ়াৰ অংগীকাৰেৰে ২০১৬ বর্ষত আমি যাত্রা আৰম্ভ কৰিছিলেলা৷ মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ আদর্শৰে সর্বস্তৰৰ ৰাইজৰ সর্বাংগীণ বিকাশৰ উদ্দেশ্যে বিগত সময়ছোৱাত আমি নিৰৱচ্ছিন্নভাৱে কাম কৰিছেছা৷
‘নিদিওঁ আৰু নলওঁ’ নীতিৰে দুর্নীতিৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰি আপোচবিহীনভাৱে আমি যুঁজ দি গৈছোঁ৷ আমাৰ চৰকাৰে গ্রহণ কৰা দৃষ্টান্তমূলক পদক্ষেপৰ বাবে ৰাজ্যিক লোকসেৱা আয়োগত সংস্কাৰ সম্ভৱ হৈছে৷ সম্পূর্ণ নিকা আৰু স্বচ্ছতাৰে কেৱল মেধাৰ ভিত্তিত ৰাজ্যৰ যুৱক–যুৱতীসকলে এ পি এছ চিকে ধৰি সকলো নিযুক্তি সংক্রান্তীয় পৰীক্ষাত সফলতা লাভ কৰিবলৈ আজি সক্ষম হৈছে৷ ৰাজ্যৰ উঠি অহা প্রজন্মৰ স্বার্থক লৈ হেতালি খেলাসকলৰ বিৰুদ্ধে আমি কঠোৰতম পদক্ষেপ লৈছেছা৷ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিত জডিতসকলৰ বিৰুদ্ধে গ্রহণ কৰা তাৎক্ষণিক পদক্ষেপে এই কথা জলজল–পটপটকৈ প্রতীয়মাণ কৰিছে৷ ভাৰত–বাংলা সীমান্ত সম্পূর্ণৰূপে ছীল কৰাৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে যৌথভাৱে পদক্ষেপ গ্রহণ কৰাৰ ফলত আজি নদী সীমান্ত সম্পূর্ণৰূপে সুৰক্ষিত হৈছে৷ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ সংৰোপণৰ কামেও অন্তিম পর্যায় পাইছে৷ চিৰস্থায়ী শান্তিৰ দিশে আজি ৰাজ্যখনে গতি কৰিছে৷ প্রায়বোৰ উগ্রপন্থী সংগঠনে অস্ত্র সম্বৰণ কৰি শান্তিৰ পথ বাছি লৈছে৷ ইয়াৰ ফলত উন্নয়নৰ বাট প্রশস্ত হৈছে৷ ৰাজ্যবাসীক আমি প্রদূষণমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি দিছিলোঁ৷ কথা মতে কাম কৰি বিগত বর্ষসমূহত ৰাজ্যত প্রায় ৮.৫০ কোটি গছপুলি ৰোপণ কৰা হৈছে৷ ‘ফৰেষ্ট ছার্ভে অৱ ইণ্ডিয়া’ৰ প্রতিবেদনত ৰাজ্যত সেউজ আৱৰণ ২২২ বর্গ কিলোমিটাৰ বৃদ্ধি পোৱাৰ তথ্য প্রকাশ পাইছে৷ পূর্বৰ চৰকাৰৰ কার্যকালত নিধনযজ্ঞ চলা অসমীয়াৰ স্বাভিমানৰ প্রতীক এশিঙীয়া গঁডৰ সুৰক্ষা আমাৰ চৰকাৰৰ কার্যকালত নিকপকপীয়া হৈছে৷ ২০১৩ চনত ৪১টা গঁড নিধন হোৱাৰ বিপৰীতে বিগত বর্ষত মাত্র ২টা গঁড নিধন হোৱাৰ কথাই বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে আমি লোৱা পদক্ষেপৰ সার্থকতা প্রমাণ কৰিছে৷
অসমবাসীয়ে আজি নতুন আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে৷ বিগত সাত দশকে অসম্পূূর্ণ হৈ ৰোৱা ৰাজ্যবাসীৰ আশা–আকাংক্ষাই বাস্তৱ ৰূপ লাভ কৰিছে৷ ৰাজ্যৰ ১ লাখৰো অধিক থলুৱা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰি তেওঁলোকৰ দীর্ঘদিনীয়া সপোন আমি সাকাৰ কৰিলোঁ৷ আগন্তুক দিনবোৰতো এই প্রক্রিয়া অব্যাহত থাকিব৷ চলিত বর্ষৰ প্রথমার্ধতে পুনৰ ১ লাখ ভূমিহীন থলুৱা পৰিয়ালক আমি মাটিৰ পট্টা প্রদান কৰিম৷ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্তকৰণৰ জৰিয়তে অনাগত দিনবোৰত ৰাজ্যখনক থলুৱাৰ অভেদ্য দুর্গত পৰিণত কৰিবলৈ আমি কাম কৰিছেছা৷ অসমৰ চহকী ঐতিহ্য, ভাষা, কৃষ্টি–সংসৃকতি সুৰক্ষিত কৰাৰ বাবে আমাৰ চৰকাৰে লোৱা পদক্ষেপ ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰিছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি, অসমীয়া সমাজ জীৱনৰ আধাৰস্বৰূপ নামঘৰসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰি জাতিটো পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আমি ‘অসম দর্শন’ আঁচনি ৰূপায়ণ কৰিছেছা৷ সত্রকে ধৰি ধর্মীয় অনুষ্ঠানসমূহ বেদখলৰ কবলৰ পৰা মুক্ত কৰিবলৈ পদক্ষেপ লৈছেছা৷ ‘ভাষা গৌৰৱ’ আঁচনিৰ মাধ্যমেদি থলুৱা ভাষাসমূহৰ সংবর্ধনৰ বাবে আমি কাম কৰিছোঁ৷ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাসক সন্মান জনাই তেওঁলোকৰ স্বার্থ আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ দিনে–নিশাই কাম কৰিছেছা৷
কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ অভাৱনীয় সহযোগিতাৰে ৰাজ্যবাসীৰ আর্থ–সামাজিক বিকাশৰ বাবে বিগত বর্ষসমূহত আমি একাধিক আঁচনি ৰূপায়ণ কৰিছোঁ৷ ৰাজ্যবাসীৰ মৌলিক প্রয়োজনসমূহ আমি বহুলাংশে পূৰণ কৰিবলৈ সক্ষম হৈছেছা৷ ৰাজ্যৰ এজনো ব্যক্তি যাতে অনাহাৰে থাকিবলগীয়া নহয় আৰু বস্ত্র–বাসস্থানৰ সমস্যাত নোভোগে সেয়া নিশ্চিত কৰিবলৈ নিষ্ঠাৰে কাম কৰিছোঁ৷ মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ ‘ড্রেন্সফর্মেচন থ্র’ ড্রেন্সপ’র্টেচন’ নীতি সাৰোগত কৰি আমি ৰূপায়ণ কৰা প্রকল্পসমূহৰ ফলত পথ যোগাযোগ খণ্ডত চকুত লগা পৰিৱর্তন আহিছে৷ যোগাযোগ খণ্ডৰ উন্নয়নৰ সমান্তৰালভাৱে আজি অসমত উদ্যোগীকৰণে প্রাণ পাই উঠিছে৷ ৰাজ্যত উদ্যোগ প্রতিষ্ঠাৰ বাবে ন ন ব্যৱসায়িক গোষ্ঠী আগবাঢ়ি আহিছে৷ বাঁহ আৰু আগৰ খণ্ডৰ সম্ভাৱনীয়তা বাস্তৱায়িত কৰি যুৱক–যুৱতীসকলৰ্ মাজত উদ্যমিতা বিকাশৰ বাবে আমাৰ চৰকাৰে আইন প্রণয়ন কৰিছে৷ এই আইনে আত্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিছে৷ আজি ৰাজ্যবাসীৰ মাজত আত্মপ্রত্যয় অধিক সবল হৈছে৷ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰি বহু বিদেশী ৰাষ্ট্রলৈ অসমৰ কৃষকৰ ফচল ৰপ্তানি হৈছে৷
ৰাজ্যত সম্প্রতি গঢ় লৈ উঠা ইতিবাচক পৰিৱেশৰ কৃতিত্ব মই অসমবাসীক দিব বিচাৰিছেছা৷ আমাৰ চৰকাৰৰ আশাশুধীয়া প্রচেষ্টাসমূহক আপোনালোকৰ আস্থা আৰু বিশ্বাসে সাৰ–পানী যোগাইছে৷ ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিতো আপোনালোকে আগবঢ়োৱা সহযোগিতাই আমাক নতুন সম্ভাৱনাৰ বতৰা দিছে৷ ‘আত্মনির্ভৰ ভাৰত’ৰ মন্ত্রৰে দীক্ষিত হৈ আমিও যে ‘আত্মনির্ভৰ অসম’ গঢ়িব পাৰিম, সেই বিশ্বাস অধিক দৃঢ় হৈছে৷ পূর্বৰ দৰে নতুন বছৰতো আপোনালোকৰ সহায়–সহযোগিতাই ৰাজ্যখনক বিকাশৰ সোণসেৰীয়া পথেৰে আগুৱাই নিবলৈ আমাক অধিক উৎসাহিত কৰিব৷ নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীক প্রত্যাহ্বানেৰে পূর্ণ বিকাশৰ যাত্রাৰ সহযোদ্ধা হ’বলৈ মই আহ্বান জনালোঁ৷
(মুখ্যমন্ত্রী, অসম)