নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা-চৰকাৰৰ শান্তি চুক্তিত কি আছে জানো আহক

✅সমষ্টি পুনৰ গঠনৰ ফলত খিলঞ্জীয়া জনগোষ্ঠী লাভান্বিত (৯৪খন আসনত)৷ ভৱিষ্যতে শেহতীয়া সমষ্টি পুনৰ নির্ধাৰণৰ নীতি অনুসৰণ৷

✅নগৰ স্থানীয় নিকায়-পঞ্চায়তত অ’বিচিৰ বাবে সংৰক্ষণৰ বিষয়টো পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিব কমিটী৷

✅বিদেশী-অনুপ্রৱেশকাৰূৰ নাম যাতে ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব নোৱাৰে, তাৰ বাবে ভোটাৰ পঞ্জীয়ন প্রক্রিয়াত শক্তিশালী নিৰীক্ষণ ব্যৱস্থা৷

✅এজন নাগৰিকে তেওঁ বসবাস কৰা বিধানসভা সমষ্টিটোৰ ভোটাৰ তালিকাতহে নাম পঞ্জীয়ন কৰিব পাৰি৷ কোনো ব্যক্তিৰে এটাতকৈ অধিক সমষ্টিৰ ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে৷

✅এন আৰ চিৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে দিবলগীয়া নির্দেশনা কেন্দ্র-ৰাজ্য চৰকাৰে কার্যকৰী কৰিব৷

✅শান্তি চুক্তি স্বাক্ষৰৰ পিছত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রক্রিয়া ক্ষিপ্র কৰাৰ বাবে কেন্দ্র-ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব৷

✅অনুপ্রৱেশ প্রতিহত কৰিবলৈ সীমান্ত নিৰাপত্তা আৰু ছেকেণ্ড লাইন অৱ ডিফেন্স হিচাপে সীমান্ত আৰক্ষীক শক্তিশালী কৰাৰ ব্যৱস্থা৷

✅শান্তি চুক্তি স্বাক্ষৰৰ তিনি বছৰৰ ভিতৰত ভূমি তথ্যৰ ডিজিটাইজেচন৷ নতুন নদী চৰসমূহক চৰকাৰী ভূমি হিচাপে গণ্য কৰা৷

✅নির্ণায়ক ভূমিৰ বাবে আইন প্রণয়ন৷

✅কৃষি ভূমিৰ সুৰক্ষা৷

✅চৰকাৰী-বনভূমিত বেদখল প্রতিহত কৰা৷

✅বেদখলমুক্ত কৰা ভূমিক লৈ ‘লেণ্ড বেংক’ স্থাপন আৰু তেনে মাটি ভূমিহীন খিলঞ্জীয়া জনগোষ্ঠীৰ লোকক আবণ্টন৷

✅ৰুগ্ন চাহ বাগিচাসমূহৰ সমস্যা অধ্যয়ন কৰিবলৈ কমিটী গঠন আৰু চাহ শ্রমিকৰ কল্যাণৰ হকে পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ৷

✅আইকনিক/ঐতিহ্যপূর্ণ স্থানসমূহৰ ভূমি কেৱল স্থানীয় লোকৰ মাজতহে ক্রয়-বিক্রয়ৰ ব্যৱস্থা কৰা৷ তেনে স্থানসমূহত যাতে বেদখল হ’ব নোৱাৰে, তাৰ কার্যকৰী পদক্ষেপ গ্রহণ৷

✅দিল্লীত ভূমি অধিগ্রহণ কৰি তাত এটা কমিউনিটী চেণ্টাৰ নির্মাণৰ বাবে ধনৰ আবণ্টন দিয়া য’ত শ্রীমন্ত শংকৰদেৱ আৰু লাচিত বৰফুকনক ৰাষ্ট্রীয় পর্যায়ত তুলি ধৰিব পাৰি৷

✅অসমত এখন ভিজুৱেল আর্ট ইউনিভার্ছিটী স্থাপন কৰা৷

✅উত্তৰ-পূর্বাঞ্চলৰ বাবে অসমত ললিত কলা একাডেমীৰ এটা কেন্দ্র স্থাপন৷

✅তেজপুৰত আর্কি’লজী ৰিছার্চ চেণ্টাৰ স্থাপন৷

✅ধেমাজিত থলুৱা সংগ্রহালয় স্থাপন৷

✅ভাওনা সংস্কৃতিৰ সংৰক্ষণৰ হকে জামুগুৰিহাটত এটা হেৰিটেজ চেণ্টাৰ স্থাপন৷

✅আলফা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব৷

✅দুই দশক ধৰি নিৰুদ্দেশ হৈ থকা আলফাৰ ৩১ নেতা-কেডাৰৰ নিকটাত্মীয়ক বিষয়টো আৰক্ষীৰ দ্বাৰা সত্যাপন কৰাৰ অন্তত ১০ লাখকৈ বিত্তীয় সাহায্য৷ তদুপৰি নিৰুদ্দিষ্টৰ ৮ পত্নীক যোগ্যতা অনুসৰি স্থায়ী জীৱিকাৰ ব্যৱস্থা৷

✅পৰৱর্তী ৫ বছৰত অসমৰ সামগ্রিক উন্নয়নৰ হকে আলফাই শিক্ষা, ৰে’লৱে, বান-খহনীয়া, উদ্যোগ, পর্যটন, ক্রীড়া, কৃষি, এক্ট ইষ্ট পলিচী, দক্ষতা বিকাশ, জলাশয়, পথ আৰু দলঙৰ বিশেষ প্রকল্প দাঙি ধৰিছে৷

✅কেন্দ্রীয় চৰকাৰে অসমত মূল আন্তঃগাঁথনি খণ্ডত পৰৱর্তী ৫ বছৰত ১ লাখ কোটি টকা বিনিয়োগ হ’বলগীয়া ৬০টাতকৈও অধিক প্রকল্প ৰূপায়ণ কৰিব৷

✅অসম চৰকাৰেও বিভিন্ন খণ্ডত ৰূপায়ণ কৰিব কেইবাটাও উন্নয়নমূলক প্রকল্প৷

✅পাঁচ বছৰৰ বাবে অসমলৈ ৫,০০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ৷ ইয়াৰে ৩,০০০ কোটি কেন্দ্রই আৰু ২,০০০ কোটি ৰাজ্য চৰকাৰে আদায় দিব৷

✅গুৱাহাটীত স্থাপন হ’ব আই আই এম৷ স্কুল অৱ প্লেনিং এণ্ড আর্কিটেকচাৰ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড ৰিছার্চো হ’ব স্থাপন৷

✅চৰাইদেউ জিলাত চ্যুকাফাৰ নামেৰে বিশ্ববিদ্যালয়৷ গুৱাহাটীত এডুকেচন পার্ক৷

✅ৰে’লৱে একুইপমেণ্ট মেনুফেকচাৰিং প্লেণ্ট আৰু তেল-গেছ বিষয়ক ট্রেইনিং স্কুল স্থাপনৰ ব্যৱস্থা৷

✅অসমৰ বান–খহনীয়াক ‘ৰাষ্ট্রীয় প্রাধান্য’ হিচাপে গণ্য কৰা হ’ব৷

✅শান্তি চুক্তি ৰূপায়ণ সন্দর্ভত কেন্দ্রীয় চৰকাৰ-ৰাজ্য চৰকাৰ-আলফাৰ প্রতিনিধিক লৈ গঠন কৰা হ’ব এখন যুটীয়া পর্যবক্ষেণকাৰী কমিটী৷

You might also like