নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটাকৈ মিটাৰ লগাই চাওঁ, তাৰতম্য থাকিলে বন্ধ হ’ব স্মাৰ্ট মিটাৰ

🔹 অখিল গগৈ ডাঙৰ মানুহ, হাতযোৰ কৰি অনুৰোধ কৰাৰ বাহিৰে ক’বলৈ ভাষা নাই : মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ২২ আগষ্ট : ‘কাইলৈ অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই চাওঁ, যদি কনভেনচনেল মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিল বেছি আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিম।’- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। বিধানসভাত স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপনৰ পিছত আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে কয়- আজি কংগ্ৰেছ দলে স্মাৰ্ট মিটাৰৰ কথা উত্থাপন কৰি বিধানসভাত সভা স্থগিত কৰাৰ প্ৰস্তাৱ আনিছিল। মই সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে তেওঁলোকক এটা অনুৰোধ কৰিছিলোঁ। অকল তেওঁলোককে নহয়, বিধানসভাৰ ১২৬জন সদস্যকে মই অনুৰোধ কৰিছিলোঁ। যিহেতু এই কথাটোত তেওঁলোক আৰু আমাৰ মাজত কিছু মতান্তৰ আছে, পাৰ্থক্য আছে। মই সদনত আজি কৈছিলোঁ যে আমাৰ বিধানসভাৰ ১২৬জন সদস্যৰ ঘৰত এটা পুৰণি মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ লগাই লওঁ। মানে এটা পুৰণি মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ মোৰ ঘৰতো লগাই লওঁ, ঠিক তেনেকৈ আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঘৰতো লগাই দিওঁ। যদি দুয়োটা মিটাৰৰ বিলৰ তাৰতম্য হয়, তেতিয়া নিশ্চয়কৈ আমি এই ক্ষেত্ৰত ছিৰিয়াছ একচন ল’ম। তেওঁলোকে মোৰ কথাটো নামনিলে, নুশুনিলে আৰু বিধানসভা ত্যাগ কৰি গুচি আহিল। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁলোকে এই কামটো কৰিবলৈ ভয় খালে। এই কামটো কৰিলে জলজল-পটপটকৈ ওলাই যাব যে স্মাৰ্ট মিটাৰত যিমান বিল আহে, ট্ৰেডিচনেল বা কনভেনচনেল মিটাৰতো সিমানেই বিল আহে। মন্ত্ৰীগৰাকীয়ে মূল সমস্যাটো ক’ত হৈছে তাৰ ব্যাখ্যা আগবঢ়াই কয় যে এই বছৰৰ জুলাই মাহৰ যিটো বিল নিশ্চিতভাৱে মাৰ্চ মাহতকৈ বেছি আহিব। কিয়নো মাৰ্চ মাহত ইমান গৰম নহয়। এপ্ৰিল মাহতো গৰম কম হয়। জুলাই-আগষ্টত বেছি গৰম হয়, গতিকে মানুহে এচি, ফেন, টিভি বেছিকৈ ব্যৱহাৰ কৰে। কিন্তু কালি মই হাতযোৰ কৰি অসমৰ ৰাইজক কৈছোঁ আজিও কৈছোঁ, এনেকুৱা যদি ক’ৰবাত উদাহৰণ আছে, যাৰ ঘৰত যোৱা বছৰৰ এপ্ৰিল মাহৰ আৰু এই বছৰৰ এপ্ৰিল মাহৰ, যোৱা বছৰৰ জুন মাহৰ আৰু এই বছৰৰ জুন মাহৰ, যোৱা বছৰৰ জুলাই মাহৰ আৰু এই বছৰৰ জুলাই মাহৰ এখনকৈ বিল দিয়ক, তাত যদি বিলৰ তাৰতম্য হয়, নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অৱশ্যে এই ক্ষেত্ৰতো এটা কথা আছে। যোৱা বছৰ মোৰ ঘৰত দুখন ফেন আছিল, এই বছৰ মই মোৰ ঘৰত চাৰিখন ফেন লগালোঁ, তেতিয়া অলপতো বিল বেছি আহিবই। গতিকে এটা আটাইতকৈ ভাল উপায় হ’ল যে অসম বিধানসভাৰ ১২৬জন বিধায়কৰ ঘৰত আমি পৰীক্ষামূলকভাৱে একেলগে স্মাৰ্ট মিটাৰো লগাওঁ আৰু ট্ৰেডিচনেল পুৰণি মিটাৰো লগাওঁ আৰু এমাহ চাওঁ, যদি স্মাৰ্ট মিটাৰত বেছি বিল আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি দিম। কিন্তু তেওঁলোকে নামনিলে। তেওঁলোকে সদন এৰি পলায়ন কৰিলে। মন্ত্ৰী পীয়ূষ হাজৰিকাই পুনৰ কয় যে অখিল গগৈক অনুৰোধ কৰিছোঁ- প্ৰথমে তেওঁ কৰি লয় যদি কৰক। অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই লওঁ। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক তেওঁৰ কথাটো মানি ল’বলৈ পুনৰ অনুৰোধ জনায়। তেওঁ কয় যে অখিল গগৈ ইমান ডাঙৰ মানুহ, হাতযোৰ কৰি অনুৰোধ কৰাৰ বাহিৰে মোৰ ক’বলৈ আৰু ভাষা নাই। তেওঁ অখিল গগৈ আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক অনুৰোধ জনাই কয় যে কাইলৈ আপোনালোকৰ ঘৰত আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাওঁ আৰু এমাহৰ পিছত বিল চাওঁ। যদি কনভেনচনেল মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিল বেছি আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিম।

You might also like