নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ লিবাৰ্টি কমাৰ্চ ইনষ্টিটিউটৰ নৱাগত আদৰণী সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান লিবাৰ্টি কমাৰ্চ ইনষ্টিটিউটৰ নৱাগত আদৰণী সভা আৰু বাৰ্ষিক ক্ৰীড়া উৎসৱ কালি আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে সম্পন্ন হয়। সেই উপলক্ষে কালি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কাজম আলীয়ে পতাকা উত্তোলন কৰাৰ পিছত গছপুলি ৰোপণ কৰে নগৰবেৰাৰ বিশিষ্ট যুৱ ব্যৱসায়ী দীপক চৌধুৰীয়ে। কুইজ প্ৰতিযোগিতাৰ পিছত মঞ্চ উদ্বোধন আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি পুৱা ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ পৰিচয় পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি বিদ্যালয়খনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কাজম আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ও কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানটি। শিক্ষানুষ্ঠান খনৰ বিষয় শিক্ষক ময়নুল হকে সভাখন উদ্বোধন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে। সভাখনত যুৱ সাংবাদিক এঞ্জেলা চাংমাই বিভিন্ন মনীষীৰ উদ্ধৃতি দি তত্বগধুৰ ভাষণ প্ৰদান কৰি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলক প্ৰকৃত লক্ষ্য স্থিৰ কৰি আগুৱাই যাবলৈ কয়। কাৰো হেঁচাত নিজৰ লক্ষ্য স্থিৰ নকৰিবলৈ কৈ তেওঁ যুৱ উশৃংখলতা আৰু ড্ৰাগছ, মদ, ভাংৰ আদি নিচাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে তেওঁ। তদুপৰি এজ্ঞেলা চাংমাই সভাত এটি কবিতা আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে।সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক নুৰ আলম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম আব্দুল মজিদ, লুইতপৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ স্বামচুল আলম ছৰোৱাৰ্দী, জামলাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জাহিদুল ইছলাম, মাজৰচৰৰ ফখৰুদ্দিন আলি আহমেদ হাইস্কুলৰ প্ৰধান শিক্ষক সাবান আলী আহমেদ, সাংবাদিক হাছানুল আহমেদ, বিল্লাল হুছেইন, নগৰবেৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য খনিন্দ্ৰ চৌধুৰী, খেৰোপাৰাৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আক্ককেৰ আলী আহমেদ, গৰুছটকা এমভি স্কুলৰ শিক্ষক হজৰত আলী, টুপামাৰীৰ লিটিল ষ্টাৰ ইংলিছ স্কুলৰ পৰিচালন সঞ্চালক বুলবুল হুছেইন, জিয়াগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুল কৰিম ভূঞা আদিয়ে অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীৰ উদ্দেশ্যি শৈক্ষিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।সভাত বিদ্যালয়খনৰ পৰা ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত অনুষ্ঠিত সংগীতানুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পী ইমদাদ প্ৰতীম আৰু এলিজা নাথে গীত পৰিবেশন কৰে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like