পুথিভঁৰাললৈ পিঠি চৰকাৰৰঃ কিতাপ ক্রয়ৰ ধন এতিয়াও অনাদায়, হাঁহ নচৰা অৱস্থা লেখক–প্রকাশকৰ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ জাতিটোক সমৃদ্ধ কৰি অহা অসমীয়া গ্রন্থ উদ্যোগ এতিয়া গভীৰ সংকটত৷ বছৰ বছৰ ধৰি চৰকাৰে গ্রন্থ উদ্যোগৰ প্রতি দেখুৱাই অহা অনীহাৰ বাবেই দিনতে অন্ধকাৰ দেখিছে অসমীয়া গ্রন্থৰ প্রকাশকসকলে৷
একে সময়তে অসমৰ চৰকাৰী পুথিভঁৰালসমূহো লাওলোৱা হৈ পৰিছে৷ উল্লেখ্য যে পূর্বৰ কংগ্রেছ চৰকাৰৰ শেষৰ কার্যকালৰ পৰাই গ্রন্থ উদ্যোগৰ প্রতি ৰজাঘৰৰ অনীহা বৃদ্ধি পাবলৈ ধৰে৷ তাৰ পাছত ২০১৬ চনত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা গ্রন্থ ক্রয় প্রক্রিয়াটোত সম্পূর্ণ স্থবিৰতা আহি পৰিছে৷
বিজেপি চৰকাৰৰ প্রথম কার্যকালৰ আৰম্ভণিৰ চাৰিটা বছৰত এখনো গ্রন্থ ক্রয় নকৰিলে সাংস্কৃতিক পৰিক্রমা বিভাগৰ অন্তর্গত পুথিভঁৰাল সঞ্চালকালয়ে৷ গ্রন্থ প্রকাশকসকলৰ বহু অনুনয়–বিনুনয়ৰ পাছত ২০২০–২১ বর্ষত পুথিভঁৰাল সঞ্চালকালয়ে গ্রন্থ ক্রয়ৰ প্রক্রিয়া আৰম্ভ কৰে৷ সেইমর্মে যোৱা ফেব্রুৱাৰী মাহত চৰকাৰী পুথিভঁৰালসমূহৰ বাবে নির্বাচিত গ্রন্থ যোগানৰ অর্ডাৰ দিয়া হয়৷
লক্ষণীয় কথাটো হ’ল– চৰকাৰে গ্রন্থ ক্রয়ৰ বাজেট মাত্র ৫০ লাখ নির্ধাৰণ কৰে৷ এই সীমিত বাজেটেৰে প্রকাশক লেখকসকলৰ পৰা একোখন গ্রন্থৰ ৩৫–৪০টাকৈ কপিহে ক্রয় কৰে পুথিভঁৰাল সঞ্চালকালয়ে৷ ফেব্রুৱাৰী মাহতে পুথিভঁৰাল সঞ্চালকালয়ক গ্রন্থ যোগান ধৰিও আজিলৈকে প্রাপ্য ধন লাভ কৰা নাই প্রকাশক–বিতৰকে৷
ইফালে, ক’ৰোনাসৃষ্ট পৰিস্থিতিত দুটা বছৰ ধৰি বলৱৎ হৈ থকা আংশিক বা সম্পূর্ণ লকডাউনৰ ফলত গ্রন্থ উদ্যোগৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ তাৰ মাজত চৰকাৰৰ পৰা পাবলগীয়া ধনৰাশি বিচাৰিও তেওঁলোকে হাবাথুৰি খাবলগীয়া হৈছে৷ প্রণিধানযোগ্য যে তৰুণ গগৈৰ আমোলত ৰাজ্য চৰকাৰে ১০ কোটি টকাৰ কিতাপ একেলগে ক্রয় কৰাৰ উদাহৰণো আছে৷
সেই সময়ত ৰাজ্য চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ে ৰাজ্যৰ ভিন্ন প্রান্তৰ ২১৮টা পুথিভঁৰালক গ্রন্থ যোগান ধৰিছিল৷ সেয়া আছিল অসমৰ গ্রন্থ প্রকাশক–লেখক–বিতৰকৰ বাবে এক বৃহৎ সকাহ৷ কিন্তু ক্রমান্বয়ে অসম চৰকাৰৰ গ্রন্থ ক্রয়ৰ বাজেট হ্রাস পাই আহে আৰু এতিয়া এই দিশটোৰ প্রতি ৰাজ্য চৰকাৰখনে সম্পূর্ণ পিঠি দিবলৈ আৰম্ভ কৰিছে৷ এয়া কেৱল অসমীয়া গ্রন্থ উদ্যোগৰ বাবেই নহয়, জাতিটোৰ ভৱিষ্যতৰ বাবেই অশুভ ইংগিত৷ চৰকাৰৰ অমনোযোগিতাত পুথিভঁৰালসমূহৰ অৱস্থাও সম্প্রতি লাওলোৱা হৈ পৰিছে৷