নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত অনুজ্ঞাপত্ৰ থকা বন্দুক জমা দিয়াৰ নিৰ্দেশ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিকা নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত হোজাই জিলাৰ অধীনত থকা সকলো অস্ত্ৰ আৰু বন্দুকৰ অনুজ্ঞাপত্ৰধাৰীক অস্ত্ৰ আইন ১৯৫৯ৰ ২১নং ধাৰাত নিজৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত অস্ত্ৰ-শস্ত্ৰ আৰু বন্দুক ওচৰৰ থানাত অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত জমা কৰিবলৈ হোজাই জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসে আজি এক আদেশযোগে নিৰ্দেশ দিছে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীভাৱে আৰু তৎকালে বলৱৎ হোৱাকৈ এই আদেশ জাৰি কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে জনাইছে।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like