নিয়মীয়া বাৰ্তা, ২৩ জুনঃ লিডু মাৰ্ঘেৰিটা অঞ্চলত বৰ্তমান নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনে যুৱপ্ৰজন্মৰ ভৱিষ্যৎ ক্ৰমান্বয়ে কোঙা কৰি তুলিছে। বিশেষকৈ হেৰইন, ব্ৰাউন ছুগাৰ আদি নিচাজাতীয় দ্ৰব্যৰ সুলভতাৰ বাবে নৱপ্ৰজন্ম ক্ৰমে বিপথে পৰিচালিত হ’বলৈ বাধ্য হৈছে । আজি এক বিশেষ সূত্ৰৰ পম খেদি লিডু আৰক্ষীয়ে লিডুস্থিত টিৰাপ গাঁৱত অতৰ্কিত অভিযান চলাই গনো ছেত্ৰী (৪৮ ) আৰু তেওঁৰ পত্নী সবিতা ছেত্ৰীক (৩০) ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় । আজি আৰক্ষীৰ অভিযানকাৰী দলে আটক কৰা দম্পতীটোৰ পৰা প্ৰায় ১১.০৪ গ্ৰাম হেৰইন ,এটা হৰিণাৰ শিং , মোবাইল হেণ্ডচেট এটা, নগদ ধন ৩৬,৯৫০ টকা, কেইবাটাও ছিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে দম্পতীটোক জেৰা অব্যাহত ৰাখিছে ।
প্ৰেৰক মানস প্ৰতিম গগৈ