নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই আজি কলকাতাৰ ফৰ্ট উইলিয়ামত ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (GOC)-ইন-চীফ হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। মনকৰিবলগীয়া যে ভাৰতীয় সেনাৰ শীৰ্ষ পদবীত প্ৰথমজন অসমীয়া।
উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা অসমৰ গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। সেনা পদক, বিশিষ্ট সেৱা পদক আৰু অতি বিশিষ্ট সেৱা পদক প্ৰাপ্ত জেনেৰেল কলিতা জম্মু-কাশ্মীৰৰ বাৰামুলাত ১৯তম ইনফেণ্ট্ৰী ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (GOC) আছিল আৰু উৰি আক্ৰমণৰ সময়ত কাশ্মীৰৰ জিঅ’চি আছিল। অসমৰ ৰঙিয়াত জন্মগ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতাক ১৯৮৪ চনৰ জুন মাহত ৯ কুমাও ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল।
West Bengal | Lieutenant General RP Kalita assumed charge as General Officer Commanding (GOC)-in-Chief of Eastern Command at Fort William, Kolkata, today pic.twitter.com/5QEuZY4LlH
— ANI (@ANI) February 1, 2022