যাত্রীৰ জীৱনক লৈ হেতালিঃ নিমাতীঘাটৰ জিৰণি গৃহত দ’মে দ’মে উদ্ধাৰ পেলাই ৰখা লাইফ জেকেট
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: সর্বসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্রতি গুৰুত্ব নিদি বেপৰোৱা মনোভাবেৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া–কর্মচাৰীয়ে ফেৰী চলাচল কৰাই অহাৰ বাবেই নিমাতীঘাটত সংঘটিত হ’ল মর্মান্তিক দুর্ঘটনাটো৷ ব্যক্তিগত ফেৰীৰ মালিক তথা লেচীৰ সৈতে কমিছনৰ ভাগ–বাটোৱাৰা কৰাটোকেই চাকৰিৰ দায়িত্ব বুলি গণ্য কৰি দৈনিক শ শ জলযাত্রীৰ জীৱনক লৈ হেতালি খেলা এইসকল দুর্নীতিগ্রস্ত চাকৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈছে সর্বসাধাৰণ জনতা৷
পূর্বৰ ভুলৰ পৰা শিক্ষা লোৱাৰ সলনি সকলোকে মেনেজ কৰি নিমাতী–মাজুলী ফেৰী সেৱাৰ নামত হাৰাশাস্তি কৰাসকলক লৈ এতিয়া সর্বত্র ক্ষোভৰ উদ্গীৰণ হৈছে৷ কি পৰিস্থিতিত কেনেদৰে কিয় দুর্ঘটনাটো সংঘটিত হ’ল, তাৰ বিশ্লেষণ আৰম্ভ হোৱাৰ লগে লগে ক্রমাৎ পোহৰলৈ আহিছে নিমাতীঘাটত চলি থকা বাস্তৱ ছবিখন৷ যাত্রীসকলে নূন্যতমো সুবিধা নোপোৱাকৈ মৰণত শৰণ দি দৈনিক জলযাত্রা কৰি ইপাৰ–সিপাৰ হ’বলগীয়া হৈছিল৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিমাতীঘটালৈ আহি আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চলি থকা দুর্নীতি–নিয়ম জানিব পাৰি স্তম্ভিত হৈ পৰে৷ আজি আভ্যন্তৰীণ জলসম্পদ পৰিবহণ বিভাগৰ নিমাতীঘাটস্থিত এটা জিৰণি গৃহত উদ্ধাৰ হৈছে দ’মে দ’মে লাইফ জেকেট৷ যাত্রীৰ সুৰক্ষাৰ বাবে ফেৰীত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে৷ বিভাগীয় ফেৰী থকা সত্ত্বেও কেৱল লুণ্ঠনৰ স্বার্থত ব্যক্তিগত ফেৰী দীর্ঘদিন ধৰি চলাই অহা হৈছে নিমাতীঘাটত৷ নিমাতীঘাটত চলি থকা এই ছিণ্ডিকেট সন্দর্ভত প্রায় এবছৰ পূর্বে ‘নিয়মীয়া বার্তা’ত ধাৰাবাহিক প্রতিবেদন প্রকাশ হোৱাৰ পাছত বিভাগটোৰ কেইবাগৰাকী বিষয়া–কর্মচাৰীক নিলম্বিত কৰা হৈছিল৷ ইয়াৰ পাছতো লজ্জিত নহ’ল বিভাগটোৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীসক৷
এক সূত্রই জনোৱা মতে, বিভাগীয় কেইবাজনো বিষয়াৰ আছে নিজা ফেৰী৷ এইসমূহ নিজৰ বিভাগতে ভাৰা দি দীর্ঘদিন লুণ্ঠন চলাই আহিছে এইসকল বিষয়াই৷ ৰাইজৰ অভিযোগ মতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু দুর্নীতি–নিয়মৰ বাবে বুধবাৰে ভৰা লুইতৰ বুকুত সংঘটিত হ’ল ভয়ংকৰ ফেৰী দুর্ঘটনাটো৷ ১৯৫৮ চনতে গঠন হোৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ যোৰহাটত তিনি শতাধিক বিষয়া–কর্মচাৰী আছে যদিও ইয়াৰে মাত্র কেইজনমানহে বিষয়া–কর্মচাৰী ফেৰী ঘাটত উপস্থিত থাকে৷ বহুতেই ঘৰতে বহি বহি চৰকাৰী দৰমহা লাভ কৰি আহিছে৷
উল্লেখ্য যে নিমাতী–মাজুলীৰ যাতায়াতৰ বাবে নিমাতী–কমলাবাৰী, নিমাতী–দাক্ষিণপাট, নিমাতী–ফলামুখ, নিমাতী–বগৰীগুৰি আৰু নিমাতী–শলমৰা ঘাট আছে যদিও বর্তমান শলমৰা আৰু বগৰীগুৰি ঘাট দুটা ইতিমধ্যে বন্ধ হৈছে৷ মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলা নিমাতী–কমলাবাৰী আৰু নিমাতী–ফলামুখ ঘাট হৈ ফেৰীৰে দৈনিক সর্বাধিক যাত্রী পাৰাপাৰ হয়৷ কিন্তু এই যাত্রীসকলৰ জীৱনক লৈ ভয়ংকৰ খেলা কৰা বিভাগটোৰ হাতত যাত্রী পাৰাপাৰৰ তথ্য নথকাটো অতি দুর্ভাগ্যজনক৷ যাৰ বাবে ‘মা কমলা’ নামৰ অভিশপ্ত ফেৰীখনত থকা যাত্রীৰ ঠিকনা বিচাৰি ড্র’ল ফ্রী নম্বৰ দিবলগীয়া অৱস্থা হৈছে৷
আনকি ফেৰীখনত উঠা যাত্রীক কোনো টিকট দিয়া হোৱা নাছিল৷ তদুপৰি টিকটসমূহৰ ক্ষেত্রতো সঠিক হিচাপ দিব নোৱাৰে বিভাগে৷ অভিযোগ অনুসৰি যিমান টিকট যাত্রীক দিয়া হয়, তাতকৈ অধিক যাত্রীক ফেৰীত উঠিবলৈ দি অতিৰিক্ত ভাৰা একাংশ বিষযাৰ জেপত সোমাই৷ এনেদৰেই দীর্ঘদিন ধৰি নিমাতী–মাজুলী ফেৰী সেৱাত চলি অহা লুণ্ঠনৰ বাবে বুধবাৰে মহাবাহুৰ বুকুত সংঘটিত হ’ল অবাঞ্ছিত পৰিস্থিতি৷ বুধবাৰে নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুর্ঘটনাৰ বাবে বিভাগটোৰ তিনিজন বিষয়াক নিলম্বিত কৰা হৈছে যদিও উচিত অনুসন্ধান কৰিলে কর্তব্যত গাফিলতি কৰা আন বহুজন বিষয়া–কর্মচাৰী জালত পৰাৰ সম্ভাৱনা আছে৷