নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনিয়াৰ ইছলামপুৰত বজ্ৰপাতত মহিলাৰ প্ৰাণহানি, আহত দুই

নিয়মীয়া বাৰ্তা, ১৮ জুন : বৰপেটাৰ জনিয়াৰ ইছলামপুৰ গাঁৱত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় । নিশাৰ এক বজ্ৰপাতত গাঁওখনৰ এগৰাকী মহিলাৰ অকাল মৃত্যু হয়। নিশা ১১:৩০ বজাত বিছনাত শুই থকা অৱস্থাতে বজ্ৰ পৰাত অকাল মৃত্যু ঘটে ইছলামপুৰ গাঁৱৰ ছামিনা ইয়াছমিন নামৰ এগৰাকী ২২ বছৰীয়া মহিলাৰ। ইফালে, বজ্ৰপাতৰ সময়ত একেলগে শুই থকা স্বামী মহিবুল ইছলাম আৰু ২বছৰীয়া পুত্ৰ ইমাম মেহেদী গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দুয়োজনকে । বজ্ৰপাতৰ ফলত ঘৰৰ ভিতৰৰ সা-সামগ্ৰী জ্বলি ছাৰখাৰ হৈ যায়। চৰকাৰৰ ওচৰত আৰ্থিক সাহায্যৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা পৰিয়ালটোৱে ।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like