নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত বজ্ৰপাতত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা,  ২৭ জুন : পৰ্বতঝোৰা মহকুমাৰ,অন্তৰ্গত কাজিগাঁও আৰক্ষী থানাৰ এলেকাধীন  দুন্ডীয়াবাৰী নামৰ গাঁওখনৰ এজন সৰবৰহী যুৱকৰ আজি পুৱা বজ্ৰপাতৰ ফলত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে, আজি পুৱা উক্ত গাঁওখনৰ বাসিন্দা মহৰ সিং ব্ৰহ্মই  নিজৰ ঘৰৰ পৰা  বাহিবলৈ প্ৰস্ৰাৱ কৰিবলৈ ওলাওঁতেই হঠাৎ যুৱকজনৰ গাত বজ্ৰ  পৰে। ফলত যুৱকজনৰ  ঘটনাস্থলীতেই মৃত্যু হয়।  বজ্ৰপাতৰ ফলত মৃত্যু হোৱা যুৱকজনৰ বয়স হৈছিল ২৫ বছৰ। বিবাহিত যুৱকজনে মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন কণমানি সন্তানক এৰি যায়। আনকি পৰিয়ালটোত তেৱেঁই একমাত্ৰ উপাৰ্জনকাৰী আছিল। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পিছত অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। পিছত মৃত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অকালতে মৃত্যু হোৱা যুৱকজনৰ  পৰিয়ালটোক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like