চীন–ভাৰতৰ সংঘাতঃ সামৰিক বিমান ঘাটিত পৰিণত হ’ব লীলাবাৰী
নিয়মীয়া বাৰ্তা, ২২ জুন: লখিমপুৰৰ লীলাবাৰী অসামৰিক বিমানবন্দৰটো যিকোনো সময়তে সামৰিক বিমান ঘাটিত পৰিণত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ লাডাখৰ পাছতে অৰুণাচলত চীনা সৈন্যৰ আগ্রাসনৰ বাবেই এই সম্ভাৱনাই গা কৰি উঠিছে৷
অৰুণাচলৰ সুৰক্ষাৰ হকে ভাৰতীয় বায়ুসেনা বাহিনীয়ে যুঁজ দিবলগীয়া হ’লে লীলাবাৰী বিমানবন্দৰৰ ভূমিকা গুৰুত্বপূর্ণ হ’ব৷ এই কথাৰ পূর্বানুমান কৰিয়েই কিছুদিন পূর্বে বায়ুসেনাই বিমানবন্দৰটোত ছুখ’ই বিমানৰ উৰণ–ৱতৰণৰ অনুশীলন কৰিছিল৷ তেজপুৰৰ পৰা পাছিঘাট পর্যন্ত এই মাজৰ অংশটোত যুঁজাৰু বিমানৰ উৰণ–ৱতৰণৰ বাবে কেৱল লীলাবাৰী বিমানবন্দৰটোহে আছে৷ অৰুণাচলত চীনা সৈন্যক বাধা দিবলগীয়া হ’লে লীলাবাৰীৰ পৰাই যুদ্ধ বিমানে উৰা মৰাটো সুচল ৰূপে পৰিগণিত হৈছে৷
উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত গুৱাহাটীৰ বাহিৰে কেৱল লীলবাৰী বিমানবন্দৰতে নৈশ অৱতৰণৰ সুবিধা আছে৷ বিমানবন্দৰটোৰ সামান্য নিলগতে আছে সেনাৰ এক বৃহৎ শিবিৰ৷ যাৰ বাবে সেনাৰে যোগাযোগ অথবা দিনে–নিশাই যুঁজাৰু বিমানৰ উৰণ–ৱতৰণৰ সুচল বন্দৰ ৰূপে লীলাবাৰী চিহ্ণিত হৈছে৷
উল্লেখ্য যে যুদ্ধকালীন পৰিস্থিতিৰ বাবেও বিমানবন্দৰটোত কেতবোৰ আছুতীয়া সুবিধা ৰখা হৈছে৷ পাছিঘাটত বায়ুসেনাই এডভান্স লেণ্ডিং গ্রাউণ্ড স্থাপন কৰাৰ পাছত লীলবাৰী বন্দৰত ছুখ’ইৰ দৰে যুঁজাৰু বিমান উৰণ–ৱতৰণৰ পৰীক্ষা কৰি ভাৰতীয় বায়ুসেনাই অৰুণাচলৰে হোৱা চীনা আক্রমণ প্রতিহত কৰিব পৰাকৈ সুযোগ সৃষ্টি কৰি থৈছে৷ যাৰ বাবে সাম্প্রতিক পৰিস্থিতিত লীলাবাৰী বিমানবন্দৰ যিকোনো সময়তে সামৰিক বিমান ঘাটিত পৰিণত হ’ব পাৰে৷