নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটিগড়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত সুৰাৰ আড্ডা উৎখাত

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : কাটিগড়া চক্ৰ বিষয়াৰ কেম্পাছত থকা নাইট গাৰ্ড ৰাজেন্দ্ৰ সিঙৰ কোৱাৰ্টাৰত চক্ৰ বিষয়া ৰবাৰ্ট টুলোৱে অভিযান চলাই মদৰ বটলসহ সুৰাৰ আড্ডা উৎখাত কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কালি সন্ধিয়া চক্ৰ বিষয়া কাৰ্যালয়ৰ দুজন কৰ্মী ক্ৰমে কাৰ্যালয়ৰ নৈশ ৰক্ষী ৰাজেন্দ্ৰ সিং, জাইদুল হুছেইন আৰু চুবুৰীয়া উপ-পঞ্জীয়ক কাৰ্যালয়ৰ সমীৰণ কলিতাৰ লগতে আন সাত-আঠজন স্থানীয় যুৱকৰ সুৰাৰ আড্ডা উৎখাত কৰে চক্ৰ বিষয়া ৰবাৰ্টে। এইদিনা ৰাজেন্দ্ৰ সিঙৰ তত্বাৱধানত মদৰ আড্ডা বহিছিল। জাইদুল হুছেইনে ৰান্ধি আছিল। তদুপৰি সুৰা পৰিবেশনৰ দায়িত্বত আছিল উপ পঞ্জীয়ক কাৰ্যালয়ৰ সমীৰণ কলিতা। অঞ্চলটোৰ স্থানীয় বন্ধু-বান্ধৱৰ সৈতে অনুষ্ঠিত সুৰাৰ আড্ডা আছিল মজাৰ আৰু ৰোমাঞ্চকৰ। এই অভিযানত চক্ৰ বিষয়া ৰবাৰ্ট টুলে কমেও দহটা বটল সুৰা জব্দ কৰিবলৈ সক্ষম হয়। চক্ৰ বিষয়া ৰবাৰ্ট টুলে কয় যে, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। মন কৰিবলগীয়া যে কাটিগড়া চক্ৰ কাৰ্যালয়ৰ চুবুৰীত এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৱশ্যে স্থানীয় ৰাইজে চক্ৰ বিষয়া ৰবাৰ্ট টুলৰৰ কঠোৰ পদক্ষেপ লোৱাৰ বাবে শলাগ লৈছে। উল্লেখ্য, উক্ত ঘটনাৰ ভিডিঅ ভাইৰেল হৈ পৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like