নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত সুৰা মাফিয়াৰ সুৰাভৰ্তি বাহনৰ খুন্দাত আহত স্কুটী আৰোহী

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ আমোলাপট্টী দিখৌ দলঙৰ সমীপত যোৱা নিশা সংঘটিত এক পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷দীৰ্ঘ সময় ধৰি শিৱসাগৰত গ্ৰাম্য সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ নাম লৈ অবৈধ বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায়েৰে সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰি অহা সুমন নামৰ সুৰা মাফিয়াটোৰ সুৰা ভৰ্তি বাহনৰ খুণ্ডাত এজন ব্যক্তি গুৰুত্তৰ ভাৱে আহত হোৱাক লৈয়েই সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷আন নালাগে আতংক সৃষ্টি কৰি অহা মাফিয়াটোৰ বাহনে পুনৰ দুৰ্ঘটনা সংঘটিত কৰাৰ খৱৰ লাভ কৰি বহু লোক ঘটনাস্থলীত উপস্থিত হয় দুৰ্ঘটনাগ্ৰস্থ সুৰা ভৰ্তি বাহন খন জব্দ কৰাৰ লগতে সুমন নামৰ মাফিয়াটোক আটক কৰাৰ দাবী তুলে ৷অৱশেষত শিৱসাগৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এএচ ০৬ বি, ৪৮০৫ নম্বৰৰ দুৰ্ঘটনাগ্ৰস্ত মাৰুটি গাড়ীৰ লগতে অবৈধ ভাৱে সৰৱৰাহ কৰা বিদেশী সুৰা সমূহ জব্দ কৰে যদিও ৰহস্যজনক ভাৱে পলাই সাৰে সুমন নামৰ মাফিয়াটো ৷ প্ৰাপ্ত বাতৰি মতে ২০২০ চনৰ ১৩ মাৰ্চতেই গাড়ীৰ কৰৰ ম্যাদ ওকলা, ২০২২ চনৰ ৩১ আগষ্টত বীমাৰ ম্যাদ ওকলা আৰু ২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰদূষণৰ প্ৰমাণ পত্ৰৰ ম্যাদ ওকলাৰ পিছতো অবৈধ বিদেশী সুৰাৰ পৰিবহণত ব্যৱহাৰ হোৱা এ এচ ০৬ বি, ৪৮০৫ নম্বৰৰ সুৰাভৰ্তি তীব্ৰ বেগী বাহন খনে নিশা প্ৰায় চাৰে দহ বজাত লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যাণৰ সমীপত এ এচ ০৪ পি, ৭৮৯৫ নম্বৰৰ স্কুটি খন মহতিয়াই নিয়াৰ ফলত গৌতম বাছফৰ নামৰ ফুকন নগৰৰ নিবাসী এগৰাকী ব্যক্তি গুৰুত্তৰ ভাৱে আহত হৈছিল ৷ইমান এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিিত কৰাৰ পিছতো কুখ্যাত মাফিয়াটোৱে দুৰ্ঘটনাগ্ৰস্ত বাহনখন লৈ পলায়নৰ চেষ্টা চলাওতেই দিখৌ দলঙৰ হেলনীয়া অংশটোত ৰাইজে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয় যদিও সুমন নামৰ মাফিয়াটোৱে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ৷স্মৰ্তব্য যে, গ্ৰাম্য সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ আঁৰ লৈ আৰক্ষী – আৱকাৰী বিভাগক কেৰেপকে নকৰা মাফিয়া সুমনে চলিত বৰ্ষৰ ১৫ জানুৱাৰীৰ দিনাখনো মেটেকা আমগুৰি অঞ্চলত সংঘটিত কৰিছিল আন এক ভয়ংকৰ দুৰ্ঘটনা ৷১৫ জানুৱাৰীৰ নিশা চেৰেকাপাৰৰ এক গোপন স্থানৰ পৰা এ এচ ০৬ বি, ৪৮০৫ নম্বৰৰ গাড়ী খনত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা কঢ়িয়াই অনাৰ সময়ত মেটেকা আমগুৰি অঞ্চলত এখন ৱেগনাৰ সহ তিনিখন গাড়ী খুণ্ডিয়াই বিধ্বস্থ কৰিছিল ৷ঘটনাস্থলীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ খৱৰ সংগ্ৰহ কৰিবলৈ যোৱা জিলাখনৰ এগৰাকী জেষ্ঠ সাংবাদিকক ঘুচিয়াই তেজেৰে তুমুৰলি কৰিছিল এই উদণ্ড মাফিয়াটোৱে ৷স্থানীয় ৰাইজ- গাওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত লগে লগেই উপস্থিত হোৱা জয়সাগৰ আৰক্ষীয়ে আক্ৰমণকাৰী মাফিয়া সুমনৰ লগতে এ এচ ০৬ বি, ৪৮০৫ নম্বৰৰ সুৰা ভৰ্তি বাহন খন জব্দ কৰিছিল ৷পৰৱৰ্তী সময়ত মাফিয়া সুমন থানাৰ পৰা মুকলি হৈ অহাৰ লগতে তিনিটা দিনৰ পিছত ঘাটক গাড়ীখনো থানাৰ পৰা মুকলি হৈ আহিছিল ৷স্বাভাৱিকতেই দুৰ্ঘটনাগ্ৰস্ত এখন বাহন থানাৰ পৰা ভাৰতীয় মটৰ ভেহিকল আইনৰ অধীনত সম্পূৰ্ণ বিধীগত ভাৱে থানাৰ পৰা মুকলি হৈ অহাত কাৰো আপত্তি নাই যদিও মাফিয়া সুমনৰ এএচ ০৬ বি, ৪৮০৫ নম্বৰৰ বাহন খন সন্দৰ্ভদ পৰিবহন বিভাগৰ তৰফৰ পৰা লাভ কৰা লাভ কৰা বিস্ফোৰক তথ্যই নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷কিয়নো ২০২০ চনত ৰোড টেস্কৰ, ২০২২ চনৰ ৩১ আগষ্টত বীমাৰ আৰু ২০২২ চনতেই প্ৰদূৰ্ষণ প্ৰমাণ পত্ৰৰ ম্যাদ ওকলা জব্দকৃৰ্ত গাড়ী খন কেনেকৈ জয়সাগৰ আৰক্ষীয়ে ২০২৩ চনৰ ২০ জানুৱাৰীত থানাৰ পৰা মুকলি কৰি দিলে তাক লৈহে সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷যিহেতু জব্দকৃৰ্ত যি কোনো বাহন অথবা দুৰ্ঘটনাগ্ৰস্থ যি কোনো এখন বাহন আৰক্ষীয়ে জব্দ কৰি মুকলি কৰাৰ সময়ত সম্পূৰ্ণ আপডেট নথি আৰক্ষীৰ ওচৰত দাখিল কৰাৰ পিছতহে গাড়ীখন মুকলি কৰাতো নিয়ম ৷ইয়াৰোপৰি নথিৰ বৈধতাৰ সম্পৰ্কত জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ এম ভি আইৰ প্ৰমাণ পত্ৰ নোহোৱাকে গাড়ীৰ গৰাকীয়ে সম্পূৰ্ণ বিধিগত আপডেট নথি দাখিল নকৰা পৰ্য্যন্ত এনে দুৰ্ঘটনাগ্ৰস্ত তথা অবৈধ সামগ্ৰী পৰিবহণ কৰা গাড়ী কোনো কাৰণতেই থানাই মুকলি কৰিব নোৱাৰে ৷কিন্তু ইমানৰ পিছতো বাহন খন সন্দৰ্ভদ কোনো পৰীক্ষা সম্পাদন নকৰাকৈ কেনেকৈ জয়সাগৰ আৰক্ষীয়ে মাফিয়া সুমনৰ সুৰাভৰ্তি বাহন খন মুকলি কৰি দিলে সেইয়াহে এক লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷উল্লেখ কৰাৰ প্ৰয়োজন যে শিৱসাগৰ আৱকাৰী বিভাগৰ সৈতে গোপন বুজা বুজি কৰি ৰাংচলিয়া গাৱত থকা নিজৰ গ্ৰাম্য সুৰাৰ বিপনীৰ গইনাৰে অবৈধ অৰুণাচলী সুৰাৰ বেপাৰ চলাই অহা এই মাফিয়াটোৰ ঘৰৰ পৰা চলিত মে মাহত আৰক্ষীয়ে পাঁচ লাখ টকাৰ অবৈধ সুৰা জব্দ কৰাৰ পিছতেই আবকাৰী বিভাগে চীল কৰি দিছিল গ্ৰাম্য সুৰাৰ বিপনীখন ৷কিন্তু তাৰ পিছতো বৃহত্তৰ অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে জনবসতিপূৰ্ণ এলেকাত থকা পৱিত্ৰ নামঘৰৰ কাষতে সুৰাৰ বেহা চলাবলৈ কেনেকৈ মাফিয়া সুমনে সাহস পালে সেই কথাই চকু কঁপালত তুলিছে ৰাইজৰ ৷ সচেতন মহলে জব্দকৃৰ্ত বাহনৰ আপডেট নথি দাখিল নকৰাকৈ এ এচ ০৬ বি, ৪৮০৫ নম্বৰৰ বাহনখন মুকলি কৰি দিয়া, আৱকাৰী বিভাগে চীল কৰি দিয়া অনুজ্ঞাপত্ৰৰ আঁৰ লৈ একে স্থানত অৰুণাচলী সুৰা ঘাটি গঢ়ি তোলা ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like