বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো যুৱক-যুৱতীয়ে উদযাপন কৰিলে ভেলেন্টাইন ডে। ভেলেন্টাইন ডে আৰু সৰস্বতী পtজা একে দিনাই অনুষ্ঠিত হোৱাত ছাত্ৰ-ছাত্ৰীসকলে ভেলেন্টাইন ডে’ৰ পৰিবৰ্তে বিদ্যাৰ দেৱী সৰস্বতী পুজা উদযাপন কৰাত ব্যস্ত হৈ পৰিলেও একাংশ যুৱক-যুৱতীয়ে পশ্চাত্য সংস্কৃতিৰ অন্যতম দিৱস ভেলেন্টাইন ডে ‘ উদযাপন কৰিবলৈ গৈ জিলাখনৰ সদৰ সোণাৰি নগৰৰ প্ৰায়বোৰ সুৰাৰ বিপণীত সুৰা ক্ৰয় কৰা পৰিলক্ষিত হয়। ভেলেন্টাইন ডে’ৰ নামত একাংশয়ে অশ্লীলতাৰ সীমা চেৰাই গৈ জিলাখনৰ সদৰ সোণাৰিত থকা পাৰ্কত মুকলি ভাবে আলিংগন কৰা পৰিলক্ষিত হয়। পথ ভষ্ট এনে যুৱক যুৱতীৰ আচৰণ দেখি বহু ভদ্ৰ অভিভাৱকে সংবাদ মাধ্যমৰ ওচৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয় ৰাজহুৱা স্হানত ভেলেন্টাইন ডে ‘ৰ নামত এচাম – যুৱক যুৱতীয়ে অতি নিলজ্জ ভাবে কৰা আচৰণত লজ্জিত হৈ আমি সন্তানৰ সৈতে পাৰ্কত প্ৰৱেশ কৰিয়েই উভতি আহিব লগা হ’ল। পাশ্চাত্য সংস্কৃতিৰ প্ৰতি ইমান আকৰ্ষিত হৈ নিজৰ হিতাহীত জ্ঞান হেৰুৱাই পেলোৱা যুৱক-যুৱতীৰ কৰ্ম-কাণ্ডত আমি লজ্জিত হৈছো। এনেবোৰ অপসংস্কৃতিৰ ক্ষেত্ৰত জাতীয় সংগঠন সমূহেও অতি ৰহস্য জনক ভাবে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হ’ল বুলি ক্ষোভ উজাৰিলে। ইমানেই নহয় পূৰ্বৰ তুলনাত এইবাৰ জিলাখনত যুৱকৰ পৰিবৰ্তে যুৱতীৰ সুৰাৰ প্ৰতি থকা আসক্তৰ পৰিসংখ্যা অধিক পৰিলক্ষিত হল। জিলাখনৰ প্ৰায়বোৰ সুৰা বিপনিত ক্ৰেতাৰ ৰূপত যুৱতীক ভিৰ কৰা দেখা গল। আচৰিত জনক বিষয় যে ভেলেন্টাইন ডে’ৰ নামত যুৱতী সকল মুকলিভাবে সুৰাৰ বিপণী থিয় হৈ সুৰা ক্ৰয় আৰু বাৰত বহি পান কৰাতো অত্যন্ত লক্ষ্যনীয় বিষয়। ১৮ বছৰৰ পৰা ২০/২২ বছৰীয়া এই যুৱতী সকলৰ ভিতৰত গ্ৰাম্যাঞ্চল নে চাহ বাগিচা অঞ্চলৰ সঠিক পৰিছয় বহি: প্ৰকাশ নঘটিলেও তেওঁলোক যে অভিজাত্য পৰিয়ালৰ পৰা আহিছে সেইয়া নিশ্চিত। মন কৰিবলগীয়া যে যুৱকসকলক চেৰ পেলাই যুৱতীসকল সুৰাৰ প্ৰতি মাত্ৰাধিক আসক্তি হোৱাৰ প্ৰত্যক্ষ কৰি জিলা খনৰ সচেতন নাগৰিকৰ চকু কপালত উঠিছে।
প্ৰেৰক দীপাংকৰ পাল