ইতিহাস ৰচি গুৱাহাটী পালেহি কণমানি বিনীতা ছেত্রী
🔹 ইতিহাস ৰচি গুৱাহাটী পালেহি কণমানি বিনীতা ছেত্রী
🔹 অসম তনয়াক বিমান বন্দৰত উষ্ম আদৰণি গুণমুগ্ধৰ
🔹 আজি মুখ্যমন্ত্রী ড০ শৰ্মাক সাক্ষাৎ কৰিব বিজিটিৰ দ্বিতীয় ৰানাৰ্ছ আপ বিনীতাই
বিশেষ বাৰ্তা, ২ জুন : ইতিহাস ৰচি গুৱাহাটী পালেহি অসম-কন্যা বিনীতা ছেত্ৰী। সাত সাগৰ তেৰ নদীৰ সিপাৰে জিলিকি উঠা অসম তনয়া বিনীতা ছেত্রীয়ে আজি পুৱা গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰে ৷ বিমান বন্দৰতে অসম তনয়াগৰাকীক অসংখ্য গুণমুগ্ধৰ লগতে বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়।
উল্লেখ্য যে বিশ্বজুৰি জনপ্রিয় ৰিয়েলিটী শ্ব’ ব্রিটেইন গট টেলেণ্টৰ চলিত বর্ষৰ দ্বিতীয় ৰানাৰ্ছ আপ অর্থাৎ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে বিনীতাই ৷ ৩১ মে’ত অনুষ্ঠিত ৰিয়েলিটী শ্ব’টোৰ গ্রেণ্ড ফিনালেত ৯ বছৰীয়া কণমানিগৰাকীয়ে এই সফলতা অর্জন কৰি সমগ্র অসমবাসীক গৌৰৱান্বিত কৰিছে৷ উল্লেখ্য যে কার্বি আংলঙৰ বোকাজানৰ পৰা গৈ বিশ্বমঞ্চত নৃত্য প্রতিভাৰে তেওঁ উজলি উঠিছে৷ ইয়াৰ পূর্বেও বিভিন্ন ৰাষ্ট্রীয় পর্যায়ৰ মঞ্চত বিনীতাই নৃত্য প্রদর্শন কৰি দর্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতে পিতৃ অমৰ ছেত্রীৰ নিৰৱচ্ছিন্ন প্রচেষ্টাত কণমানি বিনীতাই ব্রিটেইন গট টেলেণ্টৰ দৰে আন্তঃৰাষ্ট্রীয় মঞ্চত অংশগ্রহণৰ সুযোগ লাভ কৰে ৷ প্রথমটো প্রদর্শনেৰেই শ্ব’টোৰ বিচাৰক আৰু দর্শকক তেওঁ মন্ত্রমুগ্ধ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত লাভ কৰা সমর্থনেৰে বিনীতাই এঢাপ এঢাপকৈ আগুৱাই গৈ বহু শক্তিশালী প্রতিদ্বন্দ্বীক অতিক্রম কৰি ফাইনেলত শীর্ষ ১০ প্রতিযোগীৰ মাজত স্থান লাভ কৰে ৷ এই শ্ব’ত অংশগ্রহণ কৰাৰ সময়তে বিচাৰকে বিজয়ীৰ খিতাপ লাভ কৰিলে পুৰস্কাৰৰ ধনেৰে কি কৰিব বিচাৰে বুলি সোধা প্রশ্ণৰ উত্তৰত বিনীতাই এগৰাকী ৰাজকুমাৰীৰ দৰে গোলাপী ৰঙৰ ঘৰ ক্রয় কৰিব বুলি কৰা মন্তব্যৰ দ্বাৰা বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হয় ৷
অৱশ্যে কণমানিগৰাকীয়ে বিজয়ীৰ খিতাপ লাভ নকৰিলেও তৃতীয় স্থান দখলেৰে সমগ্র ৰাজ্যবাসীকে গৌৰৱান্বিত কৰি তুলিলে৷ বিনীতাৰ বিশ্বজনীন এই সফলতাৰ আঁৰত আছে তেওঁৰ পিতৃ অমৰ ছেত্রীৰ কঠোৰ পৰিশ্রম ৷ এখন ক্ষুদ্র ব্রইলাৰ ফার্মেৰে পৰিয়াল পোহপাল দিয়া অমৰ ছেত্রীয়ে কন্যা বিনীতাৰ প্রতিভা চিনাক্ত কৰি প্রথমে গুৱাহাটী আৰু পাছত ৰাজস্থানৰ জয়পুৰত নৃত্য প্রশিক্ষণৰ ব্যৱস্থা কৰে ৷ জয়পুৰত তেওঁলোকৰ পৰিয়ালৰ আত্মীয় অমৃতা দেৱীৰ তত্ত্বাৱধানত বিনীতাৰ নৃত্য প্রশিক্ষণ আৰম্ভ কৰে ৷ কম দিনৰ ভিতৰতে নৃত্য প্রতিভাৰে উজলি উঠা বিনীতাৰ সাফল্যই কেৱল ব্রিটেইনতে নহয়, ভাৰত, নেপাল, ভূটান তথা সমগ্র এছিয়াতেই খলকনিৰ সৃষ্টি কৰিছে ৷ কিন্তু ফাইনেলৰ ভোটিং কেৱল ব্রিটেইনৰ ভিতৰতে সীমাবদ্ধ থকা বাবে এই দেশসমূহৰ দর্শকসকলে ভোট দিয়াৰ সুযোগ লাভ নকৰিলে ৷ বিনীতাৰ এই সাফল্যৰ বাবে কণমানিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ সামাজিক মাধ্যমত বিনীতাৰ এটি ভিডিঅ’ আপলোড কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ব্রিটেইন গট টেলেণ্টৰ ফাইনেলত তৃতীয় স্থান দখল কৰি নিজক উজলোৱাৰ লগতে আমাৰ ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা বিনীতা ছেত্রীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ প্রথম ৰাউণ্ডৰ পৰা অপূর্ব নৃত্যশৈলীৰে বিচাৰক-দর্শকৰ নয়নৰ মণি হোৱা বিনীতাই চূড়ান্ত পর্যায়লৈ ব্রহ্মপুত্রৰ পৰা টেমচলৈকে দর্শকক মন্ত্রমুগ্ধ কৰি সকলোৰে অন্তৰ জয় কৰিলে। সঁচাকৈয়ে এয়া আমাৰ বাবে গৌৰৱৰ ক্ষণ ৷ ভৱিষ্যতৰ দিনত সীমাৰ পৰিধি ভাঙি আকৌ নিজৰ লগতে দেশৰ নাম উজলাই তোলা, সেয়াই কামনা কৰিলোঁ ৷
এই সাফল্যৰ পাছত আজি সন্ধিয়া কণমানি বিনীতাই মুখ্যমন্ত্রী ড০ শৰ্মাক সাক্ষাৎ কৰিব ৷ বিশেষকৈ এই যাত্রাত মুখ্যমন্ত্রীগৰাকীয়ে কৰি অহা সমর্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰে বিনীতাই ৷ তদুপৰি কণমানিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্রাই৷ বিনীতাক বিশ্বমানৰ প্রতিভা আৰু ইচ্ছাশক্তিৰে পূর্ণ এগৰাকী প্রকৃত শিল্পী হিচাপেও তেওঁ মন্তব্য কৰিছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ব্রিটেইনলৈ গৈ এই শ্ব’ত অংশগ্রহণৰ বাবে তেওঁক কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙেও যথেষ্ট সহযোগিতা কৰিছে ৷ ফাইনেলত অংশগ্রহণৰ যাত্রাৰ বাবে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ৰংহাঙে বিনীতাক ৫ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিছে ৷ তদুপৰি স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনেও বিনীতাৰ এই যাত্রাত যথেষ্ট সহায়–সহযোগ কৰিছে ৷ কণমানিগৰাকীয়ে ৰংহাং আৰু মোমিনক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে ব্রিটেইন গট টেলেণ্টত প্রথম স্থান দখল কৰিছে ব্রিটিছ যাদুকৰ হেৰি ম’ল্ডিঙে ৷ আনহাতে, এলিডি ডান্স গ্রুপ দ্য ব্লেকআউটে দ্বিতীয় স্থান লাভ কৰে৷