সৰ্বভাৰতীয় পৰীক্ষাত উজ্বলিল এগৰাকী অসম কন্যা
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ জিলিকি উঠিছে এগৰাকী অসম কন্যা।বোকাখাতৰ এক নং ৱাৰ্ডৰ বাসিন্দা বিজয় কুমাৰ নিমুডিয়া আৰু বিনা দেৱীৰ একমাত্ৰ কন্যা ৰাগিনী আগৰৱালা ই সৰ্বভাৰতীয় LLM পৰীক্ষাত Gold Medal লাভ কৰি অসম তথা বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে।ৰাগিনী আগৰৱাল বৰ্তমান উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। ৰাগিনীয়ে বোকাখাত আৰু যোৰহাটত আইনৰ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰি উৰিষ্যা আইন বিশ্ববিদ্যালয়ৰ পৰা শেহতীয়াভাৱে সৰ্বভাৰতীয় LLM পৰীক্ষাত অৱৰ্তীন হৈছিল।অত্যন্ত সাহসী এইগৰাকী মেধাৱী ছাত্ৰীয়ে কিছুবছৰৰ পূৰ্বে দেৱালীৰ সময়ত এটি কণমানি শিশুক অগ্নিদগ্ধ হোৱাৰ পৰা প্ৰাণ ৰক্ষা কৰি নিজৰেই এখন হাত সম্পূৰ্ণ পুৰি গৈছিল।এবছৰ দিন অগ্নিদগ্ধ হাতখন লৈ চিকিৎসালয়ত কটাব লগীয়া হৈছিল ৰাগিনীয়ে।ইয়াৰ পিছতো থমকি ৰোৱা নাছিল ৰাগিনীয়ে।এতিয়া ৰাগিনী ৰ এই সাফল্যৰ বাবে গৌৰাম্বিত হৈ পৰিছে বোকাখাতবাসী।