🔹 দীপাৱলী : বন্ধ থাকিব সকলো চৰকাৰী কার্যালয়-শৈক্ষিক প্রতিষ্ঠান
বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত অহা ১ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে৷ সাধাৰণ প্রশাসন বিভাগে এখন অধিসূচনাৰ জৰিয়তে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে৷ সেইদিনা কামৰূপ মহানগৰ জিলাৰ ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শৈক্ষিক প্রতিষ্ঠান বন্ধ থাকিব৷ ১ নৱেম্বৰত জিলাখনৰ সকলো বিত্তীয় প্রতিষ্ঠান বন্ধ থাকিব বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে অহা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত ৰাজ্যজুৰি উদ্যাপন কৰা হ’ব কালীপূজা আৰু দীপাৱলী৷ ইতিমধ্যে পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে ৰাজ্যত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, কার্যালয় ভৱন, বাসগৃহ আদি ৰঙীন লাইটেৰে সজাই–পৰাই তোলা হৈছে৷ বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ ৰঙীন লাইট, মাটিৰ চাকি, আতচবাজী আদি৷ বিশেষকৈ বিভিন্ন ধৰণৰ আতচবাজীৰে বজাৰ ভৰি পৰিছে৷ ইয়াৰ মাজত বৰপেটাৰ থলুৱা আতচবাজীয়ে গ্রাহকৰ বিশেষ সমাদৰ লাভ কৰিছে৷ প্রতিবছৰৰ দৰে বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলে বজাৰৰ চাহিদা অনুসৰি ভিন্ন ধৰণৰ আতচবাজী প্রস্তুত কৰিছে৷ তদুপৰি উত্তৰপ্রদেশকে ধৰি বহিঃৰাজ্যৰ পৰাও ফটকা–আতচবাসী আদি আমদানি কৰা হৈছে৷